অসম

মুখ্যমন্ত্ৰীক ধন্যবাদ দিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে, কিন্তু কিয়…?

দেওবাৰে শিৱসাগৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে বিধায়ক অখিল গগৈ সহ ৰাইজৰ দলৰ কেইবাজনো বিষয়ববীয়া।

সাক্ষাতৰ পিছতে সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জনাই শিৱসাগৰ সমষ্টিৰ বিধায়কগৰাকীয়ে।

image 6

শেহতীয়াকৈ শিৱসাগৰক লৈ ৰাজ্য চৰকাৰে লোৱা কেইবাখনো বিশেষ আঁচনিৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই অখিল গগৈয়ে।

সেই অনুসৰি- ‘ৰংঘৰৰ সমীপত থকা ৭৮ বিঘা মাটি অধিগ্ৰহণ কৰা হ’ব। ইয়াৰ বাবে ৰাইজক উচিত ক্ষতিপূৰণো দিয়া হ’ব। ইয়াৰ বাবে ইতিমধ্যে ২৫ৰ পৰা ৩০ কোটি টকা অবণ্টন দিয়া হৈছে। এই ঠাইত শিশুৰ পার্কৰ লগতে সৰু সৰু প্ৰেক্ষাগৃহ হব।তিনি চাৰি বছৰৰ ভিতৰত কাম সপন্ন হোৱাৰ আশা কৰা হৈছে।

কেৱল ইমানেই নহয় শিৱসাগৰৰ পানী সমস্যা সমাধান কৰা হ’ব। এই বিত্তীয় বৰ্ষত মেডিকেল কলেজৰ কাম হ’ব।

অখিল গগৈয়ে জনোৱা মতে, চি আই ডি এফ পুঁজিৰ জৰিয়তে যমুনা উন্নয়নৰ কাম হ’ব।থাওৰা আৰু শিৱসাগৰৰ মাজত হ’ব মেডিকেল কলেজ।

Related Articles

Leave a Reply

Back to top button