মিঞা বিলুপ্ত নোহোৱালৈকে মিঞা মিউজিয়াম খোলাৰ দৰকাৰ নাই, এতিয়া গাঁৱে গাঁৱে লুঙী-টুপী দেখা পোৱা যায়ঃ শিলাদিত্য দেৱ

নিউজ ডেস্কঃ যিদিনাই অসমত লুঙী, টুপী পিন্ধা মানুহ নেদেখা হ’ব, সেইদিনাহে অসমত মিঞা মিউজিয়াম স্থাপন কৰাৰ প্ৰয়োজন হ’ব।

মিঞা মিউজিয়াম প্ৰসংগত পুনৰ এইদৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে বিজেপি নেতা শিলাদিত্য দেৱে।

ৰাজ্যত মিঞা মিউজিয়াম স্থাপনক লৈ বিতৰ্ক অব্যাহত থকাৰ সময়তে শিলাদিত্য দেৱে কয় যে অসমত এতিয়া মিঞা মিউজিয়াম স্থাপন কৰাৰ কোনো দৰকাৰ নাই।

এতিয়া যিফালে গ’লেও লুঙী, টুপী পিন্ধা মানুহ দেখা পোৱা যায়।

image 35
মিঞা বিলুপ্ত নোহোৱালৈকে মিঞা মিউজিয়াম খোলাৰ দৰকাৰ নাই, এতিয়া গাঁৱে গাঁৱে লুঙী-টুপী দেখা পোৱা যায়ঃ শিলাদিত্য দেৱ 3

ভাৰতত মিঞা বুলি কোনো জাতিয়েই নাই বুলি মন্তব্য কৰি শিলাদিত্য দেৱে কয় যে এই মিঞা শব্দটো ব্যৱহাৰ কৰি মিঞাৰ গৰিমাহে নষ্ট কৰা হৈছে।

শিলাদিত্য দেৱে লগতে কয় যে মিঞা মিউজিয়াম যদি বনাব লাগে, তেন্তে বাংলাদেশত বনাব লাগে।

অসমত মিঞাৰ নামত মিউজিয়ামত সংৰক্ষণ কৰিবলৈ একো নাই বুলি মন্তব্য কৰে বিজেপি নেতাগৰাকীয়ে।

তেওঁ লগতে কয় যে এতিয়া মিউজিয়ামত অসমীয়াৰ মেখেলা, ধূতি, ঢোল আদি ৰখাৰহে প্ৰয়োজন হৈছে বুলি মন্তব্য কৰে শিলাদিত্য দেৱে।