মানসিক বিকাৰগ্ৰস্তৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত আৰক্ষী বিষয়া

নিউজ ডেস্ক। কিছুদিন পূৰ্বে ত্ৰিপুৰাত এজন মানসিক বিকাৰগ্ৰস্ত লােকে বৰ্বৰভাৱে আক্ৰমণ কৰি এজন আৰক্ষী বিষয়াকে ধৰি ৫ জন লােকক নৃশংসভাৱে হত্যা কৰাৰ দৰে অসমতাে সংঘটিত হ’ল অনুৰূপ ঘটনা।

অৱশ্যে এইবাৰ এই আক্ৰমণৰ ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে এজন কৰ্তব্যৰত আৰক্ষী বিষয়াৰ।

এই ঘটনাৰ স্থান মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰ।

জানিব পৰা মতে, সােণাপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া শৰৎ চন্দ্ৰ কলিতাক দাৰে আক্ৰমণ কৰে সােণধন ফাংচ’ নামৰ এজন যুৱকে।

14-4

সােণাপুৰ আৰক্ষী থানাৰ অন্তৰ্গত মাগুৰশিলাৰ সােণধন ফাংচ’ নামৰ যুৱকজন দীৰ্ঘদিন ধৰি মানসিকভাৱে বিকাৰগ্ৰস্ত হৈ আছিল। যাৰ বাবে সোণাপুৰ আৰক্ষী থানাত যোগাযোগ কৰি যুৱকজনক উন্নত চিকিৎসা কৰিবলৈ অনুৰোধ জনাইছিল পৰিয়ালৰ লােকে।

তাৰ পিছতেই শনিবাৰে পুৱাৰ ভাগত শৰৎ চন্দ্ৰ কলিতাৰ নেতৃত্বত এটা আৰক্ষীৰ দল উপস্থিত হৈছিল মাগুৰশিলাৰ যুৱকজনৰ বাসগৃহত।

মানসিক বিকাৰগ্ৰস্ত যুৱকজনক আৰক্ষীয়ে ধৰিবলৈ লওঁতেই চোকা দাৰে হাতত ঘঁপিয়াই গুৰুতৰভাৱে আঘাত কৰে আৰক্ষী বিষয়া শৰৎ চন্দ্ৰ কলিতাক।

গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত শৰৎ চন্দ্ৰ কলিতাক ততাতৈয়াকৈ ভৰ্তি কৰোৱা হয় সোণাপুৰ জিলা চিকিৎসালয়ত।

বৰ্তমান সোণাপুৰ জিলা চিকিৎসালয়ে আৰক্ষী বিষয়াগৰাকীয়ে উন্নত চিকিৎসাৰ বাবে জি এম চি এইচলৈ প্ৰেৰণ কৰিছে।

লগতে চাওকঃ

বিয়াৰ প্ৰস্তাৱ অস্বীকাৰ প্ৰেমিকৰ, প্ৰতিশােধ ল’বলৈ ভয়ংকৰ কাণ্ড কৰিলে অন্তঃসত্বা প্ৰেমিকাই

Leave a Comment