fbpx
অসমীয়াৰাষ্ট্ৰীয়

মাতৃৰ জীৱনৰ শেষ সময়কণত সংগী হ’ব পৰা নাছিল পুত্ৰ! অনুশোচনাত দগ্ধ পুত্ৰই নিজৰ সমস্ত জমাপুঞ্জীৰে নিৰ্মাণ কৰিলে বৃদ্ধাশ্ৰম…

নিউজ ডেস্কঃ মাতৃৰ জীৱনৰ শেষ সময়খিনিত সংগী হ’ব পৰা নাছিল পুত্ৰ!

সেই অনুশোচনাই প্ৰতিদিনে দগ্ধ কৰিছিল মানুহজনক। জীৱনৰ শেষ সময়কণত মাতৃক অকলশৰীয়া অনুভৱ কৰিবলৈ বাধ্য কৰোৱা পুত্ৰই যেন অৱশেষত বিচাৰি পালে প্ৰায়শ্চিত্তৰ উপায়।

মাতৃৰ বিয়োগৰ পিছত মাতৃৰ স্মৃতিত জীৱনৰ সমস্ত জমাপুঞ্জীৰে পুত্ৰই সাজি উলিয়ালে এখন বৃদ্ধাশ্ৰম।

এতিয়া সেই বৃদ্ধাশ্ৰমখনেই আশ্ৰয় হয় পৰিছে ঠিকনাবিহীন, সন্তানৰ দ্বাৰা অৱহেলিত কেইবাগৰাকীও বৃদ্ধ আৰু বৃদ্ধাৰ।

এই কাহিনী উত্তৰ প্ৰদেশৰ ঔৰাংগাবাদৰ নিৱাসী ধনৰাজ হাজাৰেৰ।

জানিব পৰা মতে, সুদীৰ্ঘ ২৫ ধৰি ধনৰাজ হাজাৰেৰ সৈতে মুম্বাইৰ ঘৰতে বাস কৰিছিল তেওঁৰ মাতৃয়েও।

কিন্তু পিছত মাতৃয়ে জীৱনৰ শেষৰ ফালে মুম্বাই এৰি ঔৰাংগাবাদৰ গাঁৱৰ ঘৰলৈ উভতি আহে।

সেই সময়ত মাতৃৰ যতন ল’বলৈ কাষত নাছিল কোনো লোক।

খোদ ধনৰাজেও কাম আৰু অন্য দায়িত্বৰ অজুহাতত মাতৃৰ শেষ সময়কণত সংগী হ’ব পৰা নাছিল।

আৰু তাৰ মাজতেই এদিন মৃত্যু ঘটে ধনৰাজ হাজাৰেৰ মাতৃৰ।

মাতৃৰ বিয়োগৰ পিছতে অনুশোচনাত ভাগি পৰে ধনৰাজ। আৰু তেতিয়াই তেওঁৰ মনলৈ আহে মাতৃৰ স্মৃতিত এখন বৃদ্ধাশ্ৰম নিৰ্মাণৰ কথা।

২০১৬ চনৰ আগষ্ট মাহত ধনৰাজ হাজাৰেয়ে জীৱনৰ সকলো সঞ্চয় ৫০ লাখ টকা দান কৰি পাৰ্বতী বাবাজী হাজাৰে চেৰিটেবল ট্ৰাষ্ট প্ৰতিষ্ঠা কৰে।

তেওঁৰ পত্নী আৰু সন্তানেও তেওঁৰ এই কাৰ্যত সহযোগিতা আগবঢ়ায়।

ইয়াৰ পিছতে ২০২০ চনত সম্পূৰ্ণ হয় নাৰ্চিং হোম ভৱন নিৰ্মাণৰ কাম। য’ত ২০ জন জ্যেষ্ঠ নাগৰিকক ৰখা হৈছে।

পাৰ্বতী ট্ৰাষ্টে খাদ্য আৰু থকাৰ ব্যৱস্থাৰ লগতে তেওঁলোকৰ স্বাস্থ্যৰ যত্ন লয়।

মাতৃৰ নামত এই বৃদ্ধাশ্ৰম প্ৰতিষ্ঠা কৰি কিছু হ’লেও যেন অনুশোচনাৰ পৰা মুক্তি পাইছে ধনৰাজ হাজাৰেয়ে।

এতিয়া তেওঁ সেই বৃদ্ধাশ্ৰমখনত থকা প্ৰতিজনকে নিজৰ পিতৃ-মাতৃৰ দৰেই যত্ন লৈ আহিছে।

যি সময়ত মানুহে নিজৰ জন্মদাতা পিতৃ-মাতৃক পৃথকে ৰাখি সুখৰ সংসাৰ গঢ়াৰ সপোন দেখি আহিছে, সেই সময়ত ধনৰাজ হাজাৰেয়ে মাতৃৰ স্মৃতিত কৰা এই মহৎ কাৰ্যই চৰ্চা লাভ কৰিছে।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!