fbpx
অসমীয়াৰাষ্ট্ৰীয়

মাতৃত্ব! ১১ বছৰীয়া কন্যাৰ জীৱন বচাবলৈ বন গাহৰিৰ সৈতে যুঁজ দি মৃত্যুক সাৱটিলে এগৰাকী মহিলাই…

নিউজ ডেস্কঃ নিজৰ ১১ বছৰীয়া কন্যাক বচাবলৈ গৈ বন গাহৰিৰে যুঁজ দি মৃত্যুক সাৱটিবলগীয়া হ’ল এগৰাকী মাতৃয়ে।

এই শোকাবহ ঘটনা সংঘটিত হৈছে ছত্তীশগড়ৰ কোৰবা জিলাত।

কন্যাৰ জীৱনৰ বাবে বন গাহৰিৰে যুঁজ দিয়া এইগৰাকী মাতৃৰ কাহিনীয়ে এতিয়া আবেগিক কৰি তুলিছে সকলোকে।

জানিব পৰা মতে, কোৰবা জিলাৰ পাছান আৰক্ষী থানাৰ অন্তৰ্গত তেলিয়ামাৰ গাঁৱৰ নিৱাসী দুৱছিয়া বাঈ (৪৫) নামৰ মহিলাগৰাকীয়ে ১১ বছৰীয়া কন্যা ৰিংকীৰ সৈতে ওচৰৰ এখন ফাৰ্মলৈ মাটি আনিবলৈ যোৱাৰ সময়তে সংঘটিত হয় এই ঘটনা।

মহিলাগৰাকীয়ে ফাৰ্মত কোৰেৰে মাটি খান্দি থকাৰ সময়তে হঠাৎ সেই স্থানত এটা বন গাহৰি উপস্থিত হয়।

বন গাহৰিটোৱে কাষতে থিয় হৈ থকা কন্যা ৰিংকীৰ ফালে চোঁচা লৈ অহাৰ সময়তে গাহৰিটোক বাধা দিবলৈ কন্যাৰ সন্মুখত থিয় হয় মাতৃ।

অতি সাহসেৰে মহিলাগৰাকীয়ে বহু সময় ধৰি বন গাহৰিটোৰ সৈতে যুঁজ দিয়ে যদিও এই যুদ্ধত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মৃত্যু ঘটে দুৱছিয়া বাঈ নামৰ মহিলাগৰাকীৰ।

কিন্তু মহিলাগৰাকীৰ এই দুঃসাহসিক কাৰ্যৰ বাবেই জীৱন ৰক্ষা পৰে ১১ বছৰীয়া কন্যা ৰিংকীৰ।

ইফালে এই ঘটনাৰ বিষয়ে খবৰ লাভ কৰাৰ পিছতে ঘটনাস্থলীত বনকৰ্মী উপস্থিত হৈ বন গাহৰিটো বনাঞ্চললৈ খেদি পঠিওৱাৰ লগতে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

বন্যপ্ৰাণীৰ আক্ৰমণৰ ক্ষেত্ৰত দিয়া ক্ষতিপূৰণৰ অংশ হিচাপে মহিলাগৰাকীৰ পৰিয়ালক ২৫ হাজাৰ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰা হৈছে।

আনহাতে প্ৰয়োজনীয় আনুষ্ঠানিকতা সম্পূৰ্ণ হোৱাৰ পিছত পৰিয়ালক আৰু ৫.৭৫ লাখ টকাৰ ক্ষতিপূৰণ প্ৰদান কৰা হ’ব বুলি জানিবলৈ দিয়ে বন বিভাগৰ এগৰাকী জ্যেষ্ঠ বিষয়াই।

Related Articles

Back to top button