fbpx
অসমীয়ামণিপুৰ

মাটি খান্দোতে উদ্ধাৰ দ্বিতীয় বিশ্বযুদ্ধ কালৰ ১১৩ কেজি ওজনৰ ভিণ্টেজ বোমা, নিষ্ক্ৰিয় কৰিলে অসম ৰাইফলছে

নিউজ ডেস্কঃ মণিপুৰৰ কামজং জিলাৰ চাছাদ অঞ্চলত উদ্ধাৰ হোৱা দ্বিতীয় বিশ্বযুদ্ধ কালৰ এটা ১১৩.৩৯ কেজি ওজনৰ ভিণ্টেজ বোমা নিষ্ক্ৰিয় কৰিবলৈ সক্ষম হয় অসম ৰাইফলছৰ জোৱানে।

photo1663586244

জানিব পৰা মতে, ২০২০ চনত সীমান্তৱৰ্তী চহৰখনত অট্টালিকা নিৰ্মাণৰ বাবে খনন কাৰ্য্যৰ সময়ত উদ্ধাৰ হৈছিল এই প্ৰকাণ্ড বোমাটো। তাৰ পিছতে অৰ্ধসামৰিক বাহিনী আৰু অসম ৰাইফলছে জনবসতিপূৰ্ণ এলেকাৰ পৰা বোমাটো সুৰক্ষিত স্থানলৈ স্থানান্তৰিত কৰে।

photo1663586236

উল্লেখ্য যে, দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মণিপুৰৰ ওপৰেৰে হোৱা যুদ্ধত বহু সংখ্যক জাপানীজ সৈন্যৰ মৃত্যু ঘটিছিল। তাৰ পিছতে মণিপুৰৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত উদ্ধাৰ কৰা হৈছে সেই যুদ্ধকালৰ কেইবাটাও বোমা।

photo1663586228

শেহতীয়াকৈ যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত ম্যানমাৰৰ সীমান্তৱৰ্তী মণিপুৰৰ ম’ৰেহ চহৰত উদ্ধাৰ হোৱা এটা দ্বিতীয় বিশ্বযুদ্ধকালৰ বোমা ভুলবশতঃ বিস্ফোৰণৰ ফলত দুই ভাতৃৰ মৃত্যু ঘটিছিল।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!