
নিউজ ডেস্কঃ উত্তৰ-পূবৰ হৃদস্পন্দনস্বৰূপ গুৱাহাটী মহানগৰ। গুৱাহাটী মহানগৰীক সপোনৰ চহৰৰূপে গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি প্ৰতিখন চৰকাৰেই দি আহিছে। কেতিয়াবা যদি স্মাৰ্ট চিটিৰূপে সাজি উলিওৱাৰ কথা কোৱা হৈছে, কেতিয়াবা আকৌ দেশৰ ভিতৰতে গুৱাহাটী চহৰক অন্যতম চহৰ হিচাপে গঢ়ি তোলাৰ সপোন দেখুওৱা হৈছে।
কিন্তু বাস্তৱ তাৰ সম্পূৰ্ণ বিপৰীত। এজাক বৰষুণতে মহানগৰীৰ ৰাজপথত সৃষ্টি হয় দ্বিতীয়খন লুইত। তাৰোপৰি খোৱাপানীৰ সমস্যা, বাট-পথৰ সমস্যা, নাৰীৰ নিৰাপত্তাক লৈও মহানগৰীক লৈ উত্থাপন হৈ আহিছে অলেখ প্ৰশ্নৰ।
বিগত ৬ বছৰ কাল ৰাজ্যৰ শাসনত থকা বিজেপি মিত্ৰজোঁটেও গুৱাহাটীবাসীৰ দুৰাৱস্থা দূৰ কৰাৰ প্ৰতিশ্ৰুতি দি আহিছে। সদ্য সম্পন্ন পৌৰ নিগমৰ নিৰ্বাচনতো একেই প্ৰতিশ্ৰুতিৰে পুনৰ এবাৰ বিজয়ী হ’ল বিজেপি মিত্ৰজোঁট। কিন্তু তাৰ পিছতো মহানগৰবাসীৰ অৱস্থা আজিও তথৈবচ।

উন্নয়নৰ ফটা ঢোল বজাই মহানগৰবাসীক আশ্বস্ত কৰা ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই অৱশেষত নিজেই স্বীকাৰ কৰিবলগীয়া হ’ল মহানগৰীৰ দুৰৱস্থাৰ কথা। নগৰ উন্নয়ন বিভাগৰ মন্ত্ৰী অশোক সিংঘাল আৰু মেয়ৰ মৃগেন শৰনীয়াৰ সৈতে দুঘণ্টীয়া বৈঠকত মিলিত হৈ দেওবাৰে মহানগৰীৰ কেতবোৰ সমস্যাৰ বুজ লয় মুখ্যমন্ত্ৰীয়ে।
এই বৈঠকৰ পিছতে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰি গুৱাহাটীৰ ৩০ শতাংশ ষ্ট্ৰীট লাইট আজিও বেয়া হৈ আছে বুলি স্বীকাৰ কৰে মুখ্যমন্ত্ৰীয়ে। তদুপৰি বাট-পথৰ দুৰাৱস্থা আৰু বান সমস্যাৰ কথাও স্বীকাৰ কৰিলে মুখ্যমন্ত্ৰীয়ে।
মুখ্যমন্ত্ৰীৰ মতে, এইবাৰ বৰষুণ বহুত হৈছে। পূৰ্বে ৫ মাহত হোৱা বৰষুণ এইবাৰ এমাহৰ ভিতৰতে হৈছে। যাৰ বাবে ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে মহানগৰীতো কৃত্ৰিম বানৰ সমস্যাৰ সৃষ্টি হোৱা বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে মহানগৰীৰ ষ্ট্ৰীট লাইট সমূহক লৈ পৌৰ নিগমে কোনো পলিচি প্ৰস্তুত কৰা নাই বুলিও স্বীকাৰ কৰে মুখ্যমন্ত্ৰী শৰ্মাই। অহা ৩-৪ মাহৰ ভিতৰত মহানগৰীৰ ষ্ট্ৰীট লাইটৰ সমস্যা সমাধানৰ প্ৰয়াস কৰা হ’ব বুলিও তেওঁ আশ্বাস দিয়ে।
ইফালে মহানগৰীত ছুপাৰ চাকাৰ চলাবৰ বাবে বাজেটৰ ধন পৰ্যাপ্ত নহয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।