অসম

মহানগৰীৰ ছাৰ্ভেত চাঞ্চল্যকৰ হত্যাকাণ্ড, শোৱাপাটীতে বৃদ্ধ দম্পতীক হত্যা কৰিলে দুৰ্বৃত্তই…

মহানগৰীৰ বেলতলা ছাৰ্ভেত চাঞ্চল্যকৰ হত্যাকাণ্ড।

শোৱাপাটীতে বৃদ্ধ দম্পতীক হত্যা কৰিলে দুৰ্বৃত্তই।

ছাৰ্ভেৰ চন্দন নগৰৰ ১নং ঘৰত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড।

ননী গোপাল বৰুৱা আৰু মীনা বৰুৱাক হত্যা দুৰ্বৃত্তৰ।

ননী গোপাল বৰুৱাৰ বয়স আছিল ৮৬ বছৰ আৰু মীনা বৰুৱাৰ বয়স ৬৭ বছৰ।

নিশা অকলে থকাৰ সুযোগ লৈ ডকাইতে সা-সম্পত্তি লু-পাট চলোৱাৰ পাছত ঘৰৰ ভিতৰতে দুয়োকে মূৰত আঘাত কৰি হত্যা কৰাৰ সন্দেহ কৰা হৈছে।

নিহত ননীগোপাল বৰুৱা আছিল এগৰাকী অৱসৰপ্ৰাপ্ত অভিযন্তা আৰু মিনা বৰুৱা আছিল এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী।

জানিব পৰা মতে, দম্পতীটোৰ দুই কন্যা সন্তান কৰ্মসূত্ৰে অসমৰ বাহিৰত থকাৰ বাবে দুয়ো অকলে বাস কৰিছিল।

Leave a Reply

Your email address will not be published. Required fields are marked *