
নিউজ ডেস্কঃ মহানগৰীৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ৰহস্য ফাদিল কৰা কেব চালক খগেন দাসক পুৰস্কৃত কৰিলে মহানগৰ আৰক্ষীয়ে।
মহানগৰ আৰক্ষীৰ হৈ আৰক্ষী আয়ুক্তই খগেন দাসক প্ৰদান কৰে ১০ হাজাৰ টকাৰ পুৰস্কাৰ।
উল্লেখ্য যে, বৃহস্পতিবাৰে মহানগৰীত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ হত্যাকাণ্ড।
হিতেশ দাস নামৰ এজন পাষণ্ডই নিজৰ ভাড়াঘৰত নৃশংসভাৱে হত্যা কৰিছিল বন্ধু প্ৰেমনাথ ভূঞাক।
তাৰ পিছতে মৃতদেহটো বস্তাত বান্ধি গাহৰি বুলি কৈ বন্ধু খগেন দাসৰ কেবত লৈ গৈছিল পেলাবলৈ।
দুপৰীয়া কমলপুৰৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ জংঘলৰ মাজত হিতেশ দাসে পেলাই থৈ আহিছিল প্ৰেমনাথ ভূঞাৰ মৃতদেহ।
কিন্তু গুৱাহাটীলৈ উভতি অহাৰ পিছতে এই হত্যাকাণ্ডক লৈ আৰক্ষীৰ কাষ চাপিছিল কেব চালক খগেন দাস।
খগেন দাসৰ তৎপৰতাৰ বাবেই নিশা আৰক্ষীয়ে কমলপুৰৰ হাবিৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় প্ৰেমনাথৰ মৃতদেহটো।
ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰী হিতেশ দাসক।
ধনৰ লেনদেনক লৈ সূত্ৰপাত হোৱা কাজিয়াৰ বাবেই পৰিকল্পতিভাৱে প্ৰেমনাথ ভূঞাক হত্যা কৰিছিল হিতেশ দাসে।