মই ক্ষমাপ্ৰাৰ্থী!- সমাজিক মাধ্যমযোগে কিয় ক্ষমা বিচাৰিলে অখিল গগৈয়ে…?

সামাজিক মাধ্যমযোগে অসমবাসীৰ ওচৰত ক্ষমা বিচাৰিলে বিধায়ক অখিল গগৈয়ে।

যোৱা দুদিনমান ধৰি তেওঁৰ সৈতে যোগাযোগ বিচ্ছিন্ন থকাৰ বাবে তেওঁ ক্ষমা বিচাৰে অসমবাসীৰ ওচৰত।

কাৰণ যোৱা ১ ফেব্ৰুৱাৰীৰ পিছবেলাৰ পৰা তেওঁ যোগাগোগ বিচ্ছিন্ন হৈ আছিল। আকস্মিকভাৱে পুত্ৰ নাচিকতাৰ স’তে জম্মু-কাশ্মীৰলৈ যাবলগীয়া হোৱাত ম’বাইল বন্ধ আছিল বুলি তেওঁ উল্লেখ কৰে।

তেওঁ ফেচবুকত লিখিছে-

‘মই ক্ষমাপ্ৰাৰ্থী—

জম্মু কাশ্মীৰলৈ যোৱা বাবে যোৱা চাৰিদিন বিচ্ছিন্ন হৈ আছিলোঁ :

প্ৰথমতেই সকলোলৈকে ক্ষমা বিচাৰিছোঁ। যোৱা এক ফেব্ৰুৱাৰীৰ পিছবেলাৰ পৰা অনিচ্ছাকৃতভাৱে আপোনালোকৰ লগত বিচ্ছিন্ন হৈ থাকিলোঁ। আকস্মিকভাৱে মোৰ পুত্ৰৰ সৈতে জম্মু-কাশ্মীৰলৈ যাবলগীয়া হোৱাত এনে ঘটিল। মই জনা নাছিলো যে জম্মু-কাশ্মীৰত ভাৰতৰ আন অংশৰ টেলিফোনসমূহ নচলে।

এই কেইদিনত কেইবাটাও গুৰুত্বপূৰ্ণ ঘটনা ঘটি গ’ল। কেন্দ্ৰীয় চৰকাৰৰ বাজেট উত্থাপন হ’ল, G20ৰ বৈঠক অনুষ্ঠিত হৈ গ’ল আৰু অসমত “অবৈধ স্বামী” গ্ৰেপ্তাৰ অভিযান চলিল। এইবিলাক একোৰ সম্পৰ্কেই গম নাপালো আৰু সেইবাবে প্ৰতিক্ৰিয়াও প্ৰকাশ কৰিব নোৱাৰিলোঁ।

কাশ্মীৰলৈ মই যদিও এইবাৰ দ্বিতীয়বাৰ গৈছিলো আচলতে এইবাৰেই প্ৰথম বুলি ক’ব পাৰি ; কাৰণ আগৰবাৰ কাশ্মীৰ চাবলৈ সুযোগ পোৱা নাছিলোঁ। কেৱল এখন চেমিনাৰতহে যোগ দিছিলো। জম্মু -কাশ্মীৰ কেৱল ভাৰতৰ পৰ্যটনৰেই এটা অতি অনুপমস্থলী এনেকুৱা নহয় ,জম্মু কাশ্মীৰ ইয়াৰ ভূ-ৰাজনৈতিক অৱস্থানৰ বাবে প্ৰখ্যাত। জম্মু কাশ্মীৰ প্ৰখ্যাত ইয়াৰ ঐতিহাসিক প্ৰতিৰোধী আন্দোলনৰ বাবে। যোৱা তিনি দিনত অনেক কথা জানিলোঁ, অনেক কথা শিকিলোঁ, অনেক অনুভৱ কৰিলোঁ। এইবোৰ পাছত ক’ম। পুত্ৰৰ আব্দাৰত বৰফত বাগৰি দুদিন জ্বৰতো পৰিলো। এই যাত্ৰাত মোৰ সৈতে মোৰ পুত্ৰ নচিকেতা আৰু ভাই অংকুৰ তামুলী ফুকন আছিল।’