মই কেতিয়াও শেষ হৈ নাযাও, মোৰ লক্ষ্য ২০২৪-ৰ পেৰিছ অলিম্পিকঃ হিমা দাস…

কমনৱেলথ গেমছত অংশ গ্ৰহনৰ পিছত বৃহস্পতিবাৰে গুৱাহাটীত উপস্থিত হয় হিমা দাস।
বাৰ্মিহামত মহিলাৰ ২০০ মিটাৰ ইভেন্টত ছেমি ফাইনেলত সুন্দৰ প্ৰদৰ্শনেৰে ইতিহাস সৃষ্টি কৰিছিল হিমা দাসে।
মাইক্ৰ’ ছেকেণ্ডৰ বাবে ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব নোৱাৰিলেও হিমাই গ্ৰেট ব্ৰিটেইনৰ ভূমিত দেখুৱাই দিছিলে অসমীয়াৰ শক্তি।
মহিলাৰ ২০০ মিটাৰ ইভেণ্টত আকৰ্ষণীয় প্ৰদৰ্শনেৰে বাৰ্মিংহামত শেহতীয়াকৈ অনুষ্ঠিত কমনৱেলথ গেমছৰ পৰা খেলুৱৈগৰাকীয়ে উভতি অহাৰ পিছত বৃহস্পতিবাৰে গুৱাহাটীত অসম এথলেটিকছ এছ’চিয়েশ্যনে (এএএ) আয়োজিত এখন সংবাদমেলত হিমা দাসে অংশ লয়।

কমনৱেলথ গেমছৰ অভিজ্ঞতাৰ বিষয়ে উল্লেখ কৰি হিমা দাসে কয়- মই কেতিয়াও শেষ হৈ নাযাও! যদিও মই ঘৰলৈ পদক আনিব নোৱাৰিলোঁ, এথলীট হিচাপে, মই অনুষ্ঠানটোত মোৰ প্ৰদৰ্শনত সুখী।
তেওঁ কয়- মোৰ আঘাতৰ পিছত এইটো মোৰ প্ৰথম ডাঙৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা আছিল। যিহেতু মই মোৰ আঘাতৰ পৰা ওলাই আহিবলৈ কঠোৰ যুঁজ দিছিলো, ই মোক জামাইকাৰ দৰে পাৱাৰহাউচ দেশৰ খেলুৱৈসকলৰ বিৰুদ্ধে এথলেটিকছৰ সৰ্বোচ্চ পৰ্যায়ত প্ৰদৰ্শন কৰিবলৈ অপৰিসীম মানসিক শক্তি প্ৰদান কৰিছিল। মই সদায় মোৰ সময়ৰ বাবে দৌৰিছিলো কিন্তু এইবাৰ – যেতিয়া মই ফাইনেলত উপনীত হব নোৱাৰিলে – মই এতিয়া সময়ক আৰু অধিক গুৰুত্ব দিম।
হিমা দাসে কয় যে, তেওঁৰ পৰৱৰ্তী লক্ষ্য হল ২০২৪ চনৰ পেৰিছ অলিম্পিক, লগতে হিমাই পদৰ লাভৰ চেষ্টা চলাব ২০২৩ চনৰ হংজাওৰ এছিয়ান গেমছতো।