ভয়ংকৰ! শিক্ষা কেন্দ্ৰত সংঘটিত আত্মঘাতী বিস্ফোৰণত কমেও ২৩ জনৰ মৃত্যু, আহত ৩৬ জন

নিউজ ডেস্কঃ তালিবান শাসিত আফগানিস্তানৰ ৰাজধানী কাবুলৰ এটা শিক্ষা কেন্দ্ৰত সংঘটিত এক ভয়ংকৰ আত্মঘাতী বিস্ফোৰণত মৃত্যু ঘটে কমেও ২৩ জন লোকৰ।
কাবুলৰ হাজাৰ প্ৰধান চুবুৰীৰ ‘কাজ’ নামৰ এটা শিক্ষা কেন্দ্ৰত শুকুৰবাৰে পুৱা সংঘটিত হয় বিস্ফোৰণ। এই বিস্ফোৰণত নিহত হোৱা অধিকাংশই যুৱতী বুলি জানিব পৰা গৈছে।
আনহাতে ভয়ংকৰ আত্মঘাতী বিস্ফোৰণত আহত হৈছে ৩৬ জনৰো অধিক লোক।
কাবুল আৰক্ষীৰ মুখপাত্ৰ খালিদ জাড্ৰানে জানিবলৈ দিয়া মতে, ছাত্ৰ-ছাত্ৰীসকলে স্থানীয় সময় অনুসৰি শুকুৰবাৰে পুৱা ৭:৩০ বজাত অনুশীলন বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা দি থকাৰ সময়তে সংঘটিত হয় বিস্ফোৰণটো।
Eyewitnesses to @Etilaatroz: dozens have been killed in today blast in Kaaj learning center in west #kabul. pic.twitter.com/jHbkZazXQK
— Zaki Daryabi (@ZDaryabi) September 30, 2022
এই আক্ৰমণৰ দায়িত্ব এতিয়ালৈকে স্বীকাৰ কৰা নাই কোনো সংগঠনে।
বাতৰি অনুসৰি, আফগানিস্তানত তালিবানে নিয়ন্ত্ৰণ কৰিবলৈ আৰম্ভ হোৱাৰ পিছতে হাজাৰা সম্প্ৰদায়ৰ ওপৰত কেইবাবাৰো আক্ৰমণৰ ঘটনা সংঘটিত হৈছে।
হিউমেন ৰাইটছ ৱাচৰ মতে, ইছলামিক ষ্টেট অৱ খোৰাছান প্ৰদেশে হাজাৰাৰ বিৰুদ্ধে ১৩টা আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰিছে। এই আক্ৰমণত বহু লোকৰ মৃত্যু ঘটাৰ লগতে ৭০০ ৰো অধিক লোক আহত হৈছে।