অসম
ভয়ংকৰ পথ দুৰ্ঘটনা! পথৰ কাষত ৰৈ থাকোঁতেই তীব্ৰবেগী বাহনে মহতিয়াই নিলে এজনক…

নগৰবেৰাৰ নিচিলামাৰীৰ ভয়ংকৰ পথ দুৰ্ঘটনা৷
মাৰুতি চুজুকি ৮০০ৰ খুন্দাত থিতাতে নিহত এজন৷
মৃত লোকজন নিচিলামাৰী গাঁৱৰ মৰণ দাস৷
দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ AS 01H 7445.
পথৰ কাষত ৰৈ থাকোতে বাহনখনে মহতিয়াই নিয়ে লোকজনক৷
মৃত মৰণ দাসৰ বয়স প্ৰায় ৪৫ বছৰ৷
আহত লোকজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও আধাবাটতে মৃত্যুক সাৱটি লয় লোকজনে৷
আৰ্থিকভাৱে অতি দুৰ্বল পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল মৰণ দাস৷
দুৰ্ঘটনা সংঘটিত কৰা যুৱকজন মন্দিৰা NC ৰ চলেমান আলীৰ পুত্ৰ আয়ুব আলী৷
ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে যুৱকজনক৷
লোকজনৰ মৃত্যুক কেন্দ্ৰ কৰি অঞ্চলজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷
ইতিমধ্যে মন্দিৰা আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী জি এম চি এইচলৈ লৈ প্ৰেৰণ কৰিছে।