ভয়ংকৰ পথ দুৰ্ঘটনা! চুইফ্ট ডিজায়াৰ আৰু ক্ৰেতা বাহনৰ মাজত মুখামুখি সংঘৰ্ষ, নিহত দুজন…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

চুইফ্ট ডিজায়াৰ আৰু ক্ৰেতা বাহনৰ মাজত মুখামুখি সংঘৰ্ষত নিহত দুজন লোক।

দুধনৈ ডাবলিত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনাটো।

দুৰ্ঘটনাটোৰ ফলত দুজন লোক নিহত হোৱাৰ লগতে আহত হয় আন দুজন লোক।

জানিব পৰামতে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডাবলিত এএছ-০১এটি-০০৮৬ নম্বৰৰ ছুইফট ডিজায়াৰ আৰু এএছ০১ইজেদ৯৫১৮ নম্বৰৰ ক্ৰেতা বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়।

দুৰ্ঘনটাত নিহত হোৱা লোকদুজন দুধনৈৰ অমল ৰাভা আৰু দৰংগিৰিৰ হজং চাহা বুলি জানিব পৰা গৈছে।

ইয়াৰে অমল ৰাভা দুধনৈৰ ব্যৱসায়ীক সন্থাৰ নৱ নিযুক্ত সভাপতি আছিল।

সন্ধিয়া ছুইফট ডিজায়াৰ বাহনখন কৃষ্ণাইৰ পৰা দুধনৈ অভিমুখে আহি আছিল আৰু উক্ত সময়তে বিপৰীত দিশৰ পৰা অহা ক্ৰেতা বাহনখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয়।

প্ৰথমে এই দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হোৱা চাৰিওজন লোকক স্থানীয় লোকে উদ্ধাৰ কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰিছিল যদিও দুজনৰ মৃত্যু হয়।

ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ দুৰ্ঘটনাত পতিত বাহন দুখন থানালৈ লৈ আনে।

Leave a Comment