অসম

ভয়ংকৰ পথ দুৰ্ঘটনা! এম্বুলেন্স আৰু তেল পৰিবাহী টেংকাৰৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত ৫জন…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

এম্বুলেন্স আৰু তেল পৰিবাহী টেংকাৰৰ মুখামুখি সংঘৰ্ষত গুৰুতৰভাৱে আহত ৫জন।

মঙলদৈৰ বৰদৌলগুৰিত মঙ্গলবাৰে ৰাতিপুৱা ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় দুৰ্ঘটনাটো।

দুৰ্ঘটনাটোত এখন এম্বুলেন্স আৰু টেল পৰিবাহী টেংকাৰৰ মাজত মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাটোত এম্বুলেন্স খনৰ  ড্ৰাইভাৰসহ পাঁচগৰাকী লোক আহত হয়।

image 1

ইতিমধ্যে আহত সকলক মঙলদৈ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা টংলাৰ টোকানকাটালৈ প্ৰসূতি কঢ়িয়াই আনিছিল এম্বুলেন্সখনে।

দুৰ্ঘটনাগ্ৰস্ত এম্বুলেন্সখনত আছিল এটি শিশুসহ প্ৰসূতিৰ মৃতদেহ।

দুৰ্ঘটনাগ্ৰস্ত এম্বুলেন্সখনৰ নম্বৰ হৈছে- এ এচ ০১ এল চি ৫০০১

আনহাতে মঙলদৈ-গুৱাহাটী অভিমুখি টেংকাৰখনৰ নম্বৰ হৈছে এ এচ ১৫ চি ৩২০১ ।

পুৱা ৫-৩০ বজাতে সংঘটিত দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত এম্বুলেন্সৰ চালকজন নগাঁও তেতেলীয়াৰ পৰাগজ্যোতি নাথ বুলি জানিব পৰা গৈছে।

Related Articles

Back to top button