অসম

ভয়ংকৰ দুৰ্ঘটনা! স্কুটী আৰু পালচাৰ বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত দুজন…

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

স্কুটী আৰু পালচাৰ বাইকৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত দুজন।

যোৰহাটৰ মুৰমুৰীয়াত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

স্কুটী আৰু পালচাৰ বাইকৰ মাজত মুখামুখি সংঘৰ্ষত থিতাতে দুজন লোক নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হয় আন দুজন লোক।

মৰিয়নি দিশে গৈ থকা এএছ০৩ইউ ১০৭৯ নম্বৰৰ এখন স্কুটী আৰু মৰিয়নিৰ পৰা যোৰহাটৰ দিশে গৈ থকা এএছ০৩এ বি০২৩৯ নম্বৰৰ এখন পালচাৰৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা।

মৃত লোক দুজন মৰিয়নিৰ নিজৰাপাৰৰ সত্যজিৎ বৈৰাগী আৰু যোৰহাট লিচুবাৰী আৰ কে পথৰ নিবাসী ছাকীৰ আহমেদ বুলি জানিব পৰা গৈছে।

আহত লোক দুজন মৰিয়নিৰ ৰাজ গুৰুং আৰু হানিফা ৰহমান।

আহত লোক দুজনক সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।

Related Articles

Back to top button