অসম

ভয়ংকৰ দুৰ্ঘটনা! নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ দাঁতিৰ গছত প্ৰচণ্ড খুন্দা বাহনৰ, সহকাৰী শিক্ষকসহ দুজনৰ মৃত্যু…

এক শোকাৱহ পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিৰ গছত প্ৰচণ্ড খুন্দা বাহনৰ।

দুৰ্ঘটনাটোৰ ফলত থিতাতে প্ৰাণ হেৰুৱাই দুগৰাকী লোকে।

মঙলবাৰে নিশা জোনাইৰ গালী ৰঙাজানস্থিত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো।

জানিব পৰা মতে লাইমেকুৰীৰ পৰা জোনাইলৈ আহি থকা এ এছ০১ ডিএম ৫০৮৭ নম্বৰৰ হুণ্ডাই আই ২০ গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই ঘাইপথৰ দাতিত থকা এজোপা গছত তীব্ৰ জোৰেৰে খুন্দা মাৰে।

ফলত গাড়ীৰ ভিতৰত থকা তিনিজন ব্যক্তিৰ দুজন লোক থিতাতে নিহত হয়।

আনহাতে এজনক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়।

নিহত লোক দুজন নাৰায়ণপুৰৰ আচল মহন্ত আৰু তেওঁৰ সম্পৰ্কীয় ভতিজা হৃদয় ৰঞ্জন দত্ত।

নিহত আচল মহন্ত জোনাই লাইমেকুৰীস্থিত মুৰ্কংচেলেক আদৰ্শ বিদ্যালয়ৰ শিক্ষক আৰু আহত লীলা চেত্ৰীও একেখন বিদ্যালয়ৰে সহকাৰী শিক্ষক।

আহত লীলা চেত্ৰীক সংকটজনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে।

Related Articles

Back to top button