অসম
ভয়ংকৰ দুৰ্ঘটনা! দ’ খাৱৈত লুটি খাই পৰিল বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰী কঢ়িওৱা স্কুল ভেন…

বাক্সাৰ বাথৌপুৰীত ভয়ংকৰ পথ দুৰ্ঘটনা।
দ’ খাৱৈত লুটি খাই পৰিল বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰী কঢ়িওৱা স্কুল ভেন।
ৰাজপথৰ কাষৰ দ খাৱৈত লুটি খাই পৰাৰ ফলত কথমপি প্ৰাণ ৰক্ষা পৰে বিদ্যালয়লৈ যোৱা বহুকেইজন কণ কণ ছাত্ৰ-ছাত্ৰীৰ।
জানিব পৰামতে অইন দিনাৰ দৰে আজিও ‘চানৰাইছ ইংলিছ মেডিয়াম’ হাইস্কুলৰ পৰা ছাত্ৰ-ছাত্ৰী আনিবলৈ গৈছিল ভান খন।

কিন্তু হঠাতে পথৰ পৰা লুটি খাই কাষৰ এটা দ’ খাৱৈত বাগৰি পৰে।
ঘটনাৰ পিছতে স্থানীয় লোকৰ সহযোগত ছাত্ৰ-ছাত্ৰীসকলক উদ্ধাৰ কৰে।