এক ভয়ংকৰ পথ দুৰ্ঘটনা।
পথত ৰখাই থোৱা ডিজেল ভৰ্তি টেংকাৰত খুন্দা কয়লা কঢ়িয়াই নিয়া ট্ৰেইলাৰৰ।
দুৰ্ঘটনাৰ ফলত থিতাতে নিহত কয়লা ভৰ্তি ট্ৰেইলাৰ খনৰ চালকৰ।
দেৰগাঁৱৰ বাদুলিপাৰাত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

জানিব পৰা মতে দেৰগাঁৱৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত পুৱাই সংঘটিত হৈছে পথ দুৰ্ঘটনাটো।
পথত ৰখাই থোৱা এখন ডিজেল ভৰ্তি টেংকাৰত খুন্দা মাৰে কয়লা কঢ়িয়াই নিয়া এখন ট্ৰেইলাৰে।
ট্ৰেইলাৰ খনে টেংকাৰ খনত প্ৰচণ্ড জোৰত খুন্দা মৰাৰ ফলত সম্পূৰ্ণ ৰূপে চূৰ্ণ-বিচূৰ্ণ হৈ পৰে ট্ৰেইলাৰ খন।

আনহাতে দুৰ্ঘটনাটোত পথৰ কাষৰ খাৱৈত চিটিকি পৰে ডিজেল ভৰ্তি টেংকাৰ খন।