
নিউজ ডেস্কঃ ভূ মাফিয়াৰ অত্যাচাৰত অতীষ্ঠ হৈ ধৰ্ণাত বহিল এগৰাকী চিআৰপিএফ জোৱানৰ পৰিয়াল। নতুনকৈ লোৱা এটুকুৰা মাটিত ভূ মাফিয়াই কৰা বলপূৰ্বক দখলৰ বাবে অনিৰ্দিষ্টকালীন ধৰ্ণাত বহিবলৈ বাধ্য হয় চিআৰপিএফ জোৱান গৰাকী আৰু তেওঁৰ পৰিয়াল।
এই ঘটনা সংঘটিত হৈছে ঝাৰখণ্ডৰ গিৰদীহত। বহিঃৰাষ্ট্ৰৰ শত্ৰুৰ বিৰুদ্ধে বীৰৰ দৰে যুঁজি দেশ মাতৃক সুৰক্ষিত কৰা গিৰদীহৰ এগৰাকী চিআৰপিএফ জোৱান ৰক্ষা নপৰিল দেশৰ ভিতৰৰ ভূ মাফিয়াৰ কবলৰ পৰা।
কষ্টোপাৰ্জিত ধনেৰে ক্ৰয় কৰা মাটিখিনি ভূ মাফিয়াই বলপূৰ্বক দখল কৰাত উপায়ন্তৰ হৈ অনিৰ্দিষ্টকালীন ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈ পৰে তেওঁ।

চিআৰপিএফ জোৱান গৰাকীয়ে জানিবলৈ দিয়া মতে, গিৰদীহৰ পাচাম্বা আৰক্ষী থানাৰ অন্তৰ্গত লখাৰীত অলপতে তেওঁ ক্ৰয় কৰিছিল অলপ মাটি। ইতিমধ্যে তাত ঘৰ বান্ধিবলৈ তেওঁ প্ৰস্তুতিও চলাইছিল। মাটি টুকুৰাৰ চৌদিশে বেৰ দি তেওঁ সুৰক্ষিত কৰিছে।
কিন্তু একাংশ দুস্কৃতিকাৰীয়ে তেওঁ দিয়া বেৰবোৰ বাৰে বাৰে ভাঙি পেলোৱাৰ অভিযোগ উত্থাপন কৰিছে চিআৰপিএফ জোৱানজনে। লাটেহাৰৰ ১১২টা ইউনিটত কৰ্তব্যৰত জোৱানজন ঘৰত নথকাৰ সুযোগ লৈ বাৰে বাৰে মাটিখিনি দখলৰ চেষ্টা চলাই আহিছে ভূ মাফিয়াই।
যাৰ বাবে জোৱান গৰাকী আৰু তেওঁৰ পৰিয়ালে গিৰদীহৰ নতুন সংগ্ৰহালয়ৰ সন্মুখত ৰূপায়ণ কৰে অনিৰ্দিষ্টকালীন ধৰ্ণা কাৰ্যসূচী।