ভুৱা চিকিৎসা বিল কেলেংকাৰিঃ APDCLৰ ৮ বিষয়া-কৰ্মচাৰীক নিলম্বন…

অসম শক্তি বিতৰণ কোম্পানীত ভয়ংকৰ কাণ্ড।

ভুৱা চিকিৎসা বিল কেলেংকাৰিত জড়িত ৮ জনকৈ বিদ্যুৎ বিভাগৰ বিষয়া-কৰ্মচাৰীক নিলম্বন।

APDCLৰ ৰঙিয়াৰ তিনিটাকৈ কাৰ্যালয়ৰ ৮ জনকৈ বিষয়া-কৰ্মচাৰীক নিলম্বন।

জানিব পৰা মতে ৰঙিয়াৰ এইসকল কৰ্মচাৰীয়ে ভুৱা চিকিৎসাৰ বিল জমা কৰি বিভাগটোৰ পৰা একোগৰাকী কৰ্মচাৰীয়ে ৪ লাখৰ পৰা ১১ লাখ টকালৈ আদায় কৰিছিল।

APDCLৰ শীৰ্ষ বিষয়াই গোপনে চলোৱা তদন্তত পোহৰলৈ আহে এই ভয়ংকৰ কাণ্ডটো।

বিভাগীয় তদন্তত ৰাজ্যৰ বিভিন্ন ঠাইত কৰ্মৰত কেইবাজনো বিষয়া-কৰ্মচাৰীয়ে একাংশ দালালৰ সহযোগত ভুৱা চিকিৎসাৰ বিলৰ দ্বাৰা লাখ লাখ টকা উলিয়াই নিয়াতো নিশ্চিত হয়।

ইয়াৰ পাছতে বিভাগটোৰ উচ্চপদস্থ বিষয়াৰ নিৰ্দেশ মতে এনেদৰে ভুৱা চিকিৎসাৰ বিলৰ দ্বাৰা ধন উলিয়াই নিয়া বিষয়া-কৰ্মচাৰী সকলক নিলম্বন কৰা হয়।

ৰঙিয়া বৈদ্যুতিক সংমণ্ডলৰ কনিষ্ঠ অভিযন্তা জ্যোতিষ ডেকা, উচ্চবৰ্গৰ সহায়ক যতীন বৈশ্য, লাইন মেন ক্ৰমে মহাদেৱ ৰাজবংশী, নুৰুদ্দিন আলী, জাফাৰ আলী, ৰবিন মেধী, সহকাৰী মহা প্ৰৱন্ধকৰ কাৰ্যালয়ৰ উচ্চবৰ্গৰ সহায়ক উমেশ দাস, ১ নং ৰঙিয়া বৈদ্যুতিক সংমণ্ডলৰ সহায়ক বিশ্বজিৎ বৰ্মনক নিলম্বন কৰা হৈছে বুলি জানিব পৰা গৈছে।

নিলম্বিত হোৱা কৰ্মচাৰী কেইজনৰ বিৰুদ্ধে ইতিমধ্যে ৰঙিয়া আৰক্ষী থানাত ৰুজু কৰা হৈছে গোচৰ।

৪২০, ৪০৯, ৪৬৮ আৰু ৪৭১ নম্বৰৰ চাৰিটাকৈ জামিন বিহীন গোচৰ ৰুজু হোৱা বুলি জানিব পৰা গৈছে।

সম্প্ৰতি আটাইকেইজন নিলম্বিত বিষয়া-কৰ্মচাৰী পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে।

Leave a Comment