fbpx
অসমীয়াঅসম

ভুল স্বীকাৰ! চলচ্ছিত্ৰ বঁটা বিতৰ্কৰ অৱসান ঘটাই জুৰীয়ে ক’লে- বঁটা নাহিদেই পাইছে, আমাৰহে অনাকাংক্ষিত ভুল হৈ গ’ল…

নিউজ ডেস্কঃ অসম ৰাজ্যিক চলচ্ছিত্ৰ বঁটাক লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা বিতৰ্কৰ অৱসান ঘটাই অৱশেষত ভুল স্বীকাৰ কৰিলে এই বঁটাৰ বাবে বাচনি কৰা জুৰী সমিতিয়ে।

জুৰী সমিতিৰ হৈ বিশিষ্ট পৰিচালক চন্দ্ৰ মুদৈয়ে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপত কালত ভুল মানি লৈ অসমবাসীৰ ওচৰত ক্ষমা বিচাৰে।

যিটো বঁটাৰ বাবে বিতৰ্কৰ সূচনা হৈছিল, সেই বঁটাটো কণ্ঠশিল্পী নাহিদ আফ্ৰিনকে দিয়া হৈছিল বুলি স্পষ্ট কৰি চন্দ্ৰ মুদৈয়ে কয় যে জুৰী ব’ৰ্ডৰ অনাকাংক্ষিত ভুলৰ বাবেহে এনে ঘটনা ঘটিল।

দৰাচলতে নিজানৰ গান শীৰ্ষক ছবিখনৰ ‘নীলাতে লুকাভাকু’ গীতটোৰ বাবে আবেদন কৰাই হোৱা নাছিল বুলিও মন্তব্য কৰে পৰিচালক মুদৈয়ে।

উল্লেখ্য যে, অষ্টম অসম ৰাজ্যিক চলচ্ছিত্ৰ বঁটাত শ্ৰেষ্ঠ মহিলা নেপথ্য কণ্ঠশিল্পীৰ বঁটা প্ৰদান কৰা হৈছিল যুৱ কণ্ঠশিল্পী নাহিদ আফ্ৰিনক।

কিন্তু নাহিদক এই বঁটা প্ৰদানৰ সময়ত উল্লেখ কৰা হৈছিল যে ‘নীলাতে লুকাভাকু’ শীৰ্ষক গীতটোৰ বাবে তেওঁক এই বঁটা প্ৰদান কৰা হৈছে।

লক্ষণীয়ভাৱে এই গীতটোত কণ্ঠদান কৰাই নাছিল নাহিদ আফ্ৰিনে। গীতটোৰ কণ্ঠ আছিল জুবিন গাৰ্গ আৰু ৰূপজ্যোতি দেৱী।

ইয়াৰ বিপৰীতে একেখন চিনেমাৰ আন এটা গীততহে কণ্ঠদান কৰিছিল নাহিদে।

কিন্তু চলচ্ছিত্ৰ বঁটাৰ এনে বিসংগতিক লৈ ৰাজ্যজুৰি সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ।

বঁটা প্ৰদান আৰু বঁটা গ্ৰহণক লৈ সমালোচিত হয় জুৰী ব’ৰ্ড আৰু নাহিদ আফ্ৰিনো।

এনে চৰ্চাৰ মাজতে অৱশেষত জুৰী ব’ৰ্ডৰ ভুল স্বীকাৰ কৰি অসমবাসীৰ ওচৰত ক্ষমা বিচাৰে জুৰী ব’ৰ্ডৰ সদস্য চন্দ্ৰ মুদৈয়ে।

উল্লেখ্য যে, অসম ৰাজ্যিক চলচ্ছিত্ৰ বঁটাৰ বাবে শিল্পীক বাচনি কৰা জুৰী ব’ৰ্ডখনৰ সদস্য আছিল চন্দ্ৰ মুদৈ, শিৱানু বৰা, এম মণিৰাম, যদুমণি দত্ত, অনুপম চৌধুৰী, শ্যাম বৰা আৰু ৰমেন বৰুৱা।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!