অসম
ভিক্টৰ দাসৰ গ্ৰেপ্তাৰ দুৰ্ভাগ্যজনক! জলসিঞ্চনৰ নিযুক্তিত ভৱেশ কলিতাই সংঘটিত কৰিছে কেলেংকাৰীঃ অংকিতা দত্ত

ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভানেত্ৰী ড০ অংকিতা দত্তৰ।
সংবাদমেলত যুৱ শিক্ষক ভিক্টৰ দাসক শীঘ্ৰে মুকলি কৰি দিয়াৰ দাবী তোলে নেত্ৰীগৰাকীয়ে।
অংকিতা দত্তই কয়, অভিযোগ দিবলৈ যোৱা ভিক্টৰ দাসৰ গ্ৰেপ্তাৰ কৰাতো দুৰ্ভাগ্যজনক ঘটনা।
তেওঁ লগতে কয়- ‘জলসিঞ্চন বিভাগৰ নিযুক্তিত ভয়ংকৰ কেলেংকাৰী সংঘটিত কৰিছে তদানীন্তন মন্ত্ৰী ভৱেশ কলিতাই। ৰঙিয়াৰ ৰূপম দাসেও ইয়াৰ পূৰ্বে বিজেপি চৰকাৰৰ দিনৰ নিযুক্তি কেলেংকাৰীৰ অভিযোগ তুলিছিল।

ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ বিৰুদ্ধে চাকৰিৰ নামত ধন বিচৰা বুলি জয়া কলিতাই উত্থাপন কৰা অভিযোগ সম্পৰ্কতো তদন্ত দাবী কৰে যুৱ কংগ্ৰেছৰ সভানেত্ৰীগৰাকীয়ে।
জয়া কলিতাই ভৱেশ কলিতাৰ দুৰ্নীতি উদঙাই দিছে, তেওঁৰ লগত আমাৰ সমৰ্থন আছে বুলিও সংবাদমেলত ক’লে অংকিতা দত্তই।
লগতে ভৱেশ কলিতাৰ পদত্যাগৰো দাবী উত্থাপন কৰে অংকিতা দত্তই।