অসমঅসমীয়া

ভাৰত-বাংলাদেশ সীমান্তত বিএছএফৰ গুলীত নিহত বাংলাদেশী চোৰাং গৰু সৰবৰাহকাৰী

দেওবাৰে পুৱা ভাৰত-বাংলাদেশ সীমান্তৰ দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ কুকুৰমাৰা অঞ্চলত সংঘটিত এক গুলীচালনাৰ ঘটনাত এজন বাংলাদেশী গৰু চোৰাং সৰবৰাহকাৰী নিহত হয়।

বিএছএফৰ এগৰাকী শীৰ্ষ বিষয়াই জানিবলৈ দিয়া মতে, চোৰাং সৰবৰাহকাৰী সকলে গৰুবোৰ ওখ কাঁইটীয়া তাঁৰৰ বেৰৰ ওপৰেৰে টানি ভাৰতৰ ফালৰ পৰা বাংলাদেশলৈ সৰবৰাহৰ চেষ্টা চলাই থকাৰ সময়তে এই ঘটনা সংঘটিত হয়।

বিষয়া গৰাকীয়ে কয় যে, আন্তঃৰাষ্ট্ৰীয় সীমান্তত নিয়োজিত বিএছএফৰ জোৱানসকলে অবৈধ কাৰ্যকলাপ বন্ধ কৰিবলৈ চেষ্টা চলায়। কিন্তু চোৰাং সৰবৰাহকাৰীৰ দলটোৱে বিএছএফৰ জোৱানসকলক ওলোটাই ভাবুকি প্ৰদানৰ চেষ্টা কৰে।

ধুবুৰী খণ্ডৰ বিএছএফৰ ডিআইজি জে চি নায়কে কয়, “ঘটনাস্থলীত বিএছএফৰ গুলীচালনাত বাংলাদেশৰ ফালৰ এজন চোৰাং সৰবৰাহকাৰী নিহত হয় আৰু নিৰাপত্তাৰক্ষীয়ে ঘটনাস্থলীৰ পৰা তিনিটা গৰু, চোকা অস্ত্ৰ উদ্ধাৰ কৰে।” দেওবাৰে পুৱা প্ৰায় ৪ বজাত কুকুৰমাৰা বিঅ’পিত এই ঘটনা সংঘটিত হয়।

নিহত চোৰাং গৰু সৰবৰাহকাৰীজনক বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ ৰৌমাৰীৰ ফৰিদুল ইছলাম বুলি চিনাক্ত কৰা হৈছে।

তেওঁ লগতে কয়, “ভাৰতৰ ফালৰ পৰা প্ৰায় ২০-২৫ জন চোৰাং সৰবৰাহকাৰী বহু সংখ্যক গৰু লৈ অঞ্চলটোলৈ আহিছিল আৰু তেওঁলোকৰ উদ্দেশ্য আছিল আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বেৰ পাৰ হৈ গৰুবৰ বাংলাদেশৰ ফালে সৰবৰাহ কৰা। বাংলাদেশৰ ফালৰ পৰাও একে ধৰণৰ চোৰাং সৰবৰাহকাৰী আহিছিল।”

চোৰাং সৰবৰাহকাৰী কেইজনে গৰুবোৰ বাংলাদেশলৈ সৰবৰাহ কৰিবলৈ বাঁহেৰে তৈয়াৰ কৰা লিভাৰ বা ক্ৰেইন ব্যৱহাৰ কৰিছিল আৰু তাৰ জৰিয়তে ওখ কাঁইটীয়া বেৰৰ ওপৰেৰে টানি টানি গৰুবোৰ সৰবৰাহ কৰিছিল।

বিএছএফৰ বিষয়াগৰাকীয়ে জনোৱা মতে, বিএছএফৰ জোৱানে প্ৰথমে পিএজি বন্দুক ব্যৱহাৰ কৰি তেওঁলোকৰ ওপৰত গুলী চালনা কৰিছিল। কিন্তু তাৰ পিছতো সৰবৰাহ কাৰীয়ে ভ্ৰূক্ষেপ নকৰাত পৰিস্থিতি নিয়ন্ত্ৰণৰ স্বাৰ্থত আইএনএছএএছ ৰাইফল ব্যৱহাৰ কৰি গুলিচালনা কৰিবলৈ বাধ্য হয়।

বিএছএফৰ এই গুলীয়ে বাংলাদেশ সীমান্তৰ এজন চোৰাং সৰবৰাহকাৰীক আঘাত কৰাত ঘটনাস্থলীতে মৃত্যু ঘটে।

বিএছএফ বিষয়া গৰাকীয়ে কয়, “আমি অঞ্চলটোত তালাচী চলাইছিলো আৰু দেখিছিলো যে চোৰাং ব্যৱসায়ীজন নিহত হৈছে। আমি তিনিটা গৰু, এটা কেণ্টিলিভাৰ, দা আৰু বাঁহৰ লাঠি উদ্ধাৰ কৰিছোঁ। আমি মানকাচাৰ আৰক্ষী থানাৰ স্থানীয় আৰক্ষীক ঘটনাটোৰ বিষয়ে অৱগত কৰিছো।”

উল্লেখ্য যে, যোৱা বছৰত সীমান্ত সুৰক্ষা বাহিনীয়ে ভাৰত-বাংলাদেশ সীমান্তত ১১ কোটি টকাতকৈও অধিক মূল্যৰ বৃহৎ পৰিমাণৰ নিষিদ্ধ ড্ৰাগছ, ৮ হাজাৰতকৈও অধিক গৰু উদ্ধাৰ কৰাৰ লগতে ১১৭ জন বাংলাদেশী নাগৰিকক আটক কৰিবলৈ সক্ষম হৈছিল।

Related Articles

Leave a Reply

Back to top button