নিউজ ডেস্কঃ ৰাজ্যত গামোচাক লৈ অব্যাহত থকা বিতৰ্কৰ মাজতে কবি প্ৰণৱ কুমাৰ বৰ্মনৰ এটা পোষ্টে উদ্ৰেক ঘটনাইছে নতুন চিন্তাৰ।
বাংলা সাহিত্য সভাৰ ৰাজ্যিক সন্মিনলত অসমীয়াৰ স্বাভিমানৰ প্ৰতীক গামোচাক বিকৃত কৰাৰ অভিযোগ উত্থাপন হৈছিল।
সমন্বয় ৰক্ষাৰ নামত অসমীয়াৰ গামোচাখনক দুফালকৈ কাটি বাঙালী গামোচাৰ সৈতে একত্ৰিত কৰি মন্ত্ৰী-সাহিত্যিক-শিল্পীক আদৰণি জনাইছিল বাংলা সাহিত্য সভাৰ বিষয়-ববীয়াই।
এই কাণ্ডক লৈ সমগ্ৰ ৰাজ্যৰ বিভিন্ন দল-সংগঠন সৰৱ হৈ উঠাৰ সময়তে সামাজিক মাধ্যমত কবি প্ৰণৱ বৰ্মনৰ পোষ্ট- ‘ভাৰত আৰু পাকিস্তানৰ পতাকা দুখন চিৰি এখন কৰিলেই জানো দুইখন দেশৰ সমন্বয়-একতাই নতুন ৰূপ ল’ব।’
অসমীয়াৰ্ গামোচাখনক বিতৰ্কলৈ আওতালৈ নিনি গামোচা হৈ থাকিবলৈ দিয়াৰ আহ্বান জনাই কবি প্ৰণৱ কুমাৰ বৰ্মনে লিখিছে, ‘অসমীয়া গামোচাখন অসমীয়া গামোচা হৈ থাকক। বঙালী গামোচাখন বঙালী গামোচা হৈ থাকক।’
কবিগৰাকীৰ পোষ্টৰ আগৰ কথাখিনি- ‘অপ্ৰয়োজনীয় ঘৃণা, বিদ্বেষ, ভাষিক সংঘাতৰ অৱসান ঘটাই হৃদয়ৰ এনাজৰীডালহে কটকটীয়া কৰিব লাগে। অযথা বিতৰ্কই মানুহক অতিষ্ঠ কৰিছে, মানুহক বিভ্ৰান্ত কৰিছে, পৰিবেশ কলুষিত কৰিছে। জাতিৰ প্ৰগতিৰ কথা আলোচনা কৰিবলৈ অনেক বিষয় আছে।’