অসম

ভাৰত-দক্ষিণ আফ্ৰিকাৰ খেল আৰু দুৰ্গা পূজাক লৈ গুৱাহাটী যান বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা…

দুৰ্গা পূজালৈ মাজত মাত্ৰ এটা দিন।

পূজাৰ মাজতে ২ অক্টোবৰত গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট মেচ।

যাৰ পৰিপেক্ষিতত গুৱাহাটী আৰক্ষীৰ যান-বাহন বিভাগে বাহন চলাচলৰ ক্ষেত্ৰত আৰোপ কৰিছে কিছু নিষেধাজ্ঞা।

সেই অনুসৰি গুৱাহাটী মহানগৰীৰ অন্তৰ্গত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ২ অক্টোবৰৰ পুৱা ৯ বজাৰ পৰা ৩ অক্টোবৰৰ পুৱা ২ বজালৈ চাৰিচকীয়া আৰু তাৰ ওপৰৰ বাণিজ্যিক বাহন চলাচলত নিষেধাজ্ঞা আৰোপ।

গুৱাহাটী মহানগৰীৰ অন্তৰ্গত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ আৰু ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ১, ৩, ৪ আৰু ৫ অক্টোবৰৰ পুৱা ৯ বজাৰ পৰা নিশা ১১.৩০ বজালৈ ৬ চকা আৰু তাৰ ওপৰৰ বাণিজ্যিক বাহন চলোৱাত বাধা আৰোপ।

১, ২, ৩, ৪ আৰু ৫ অক্টোবৰৰ পুৱা ৪ বজাৰ পৰা ৯ বজালৈহে চহৰত প্ৰৱেশ কৰিব পাৰিব সামগ্ৰী কঢ়িয়াই অনা ৩ আৰু ৪ চকীয়া বাহন।

আনহাতে, ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’বলগীয়া খেলখনৰ বাবে এ কে আজাদ ৰোড (লখৰা ৰোড) ২ অক্টোবৰৰ দুপৰীয়া ১২ বজাৰ পৰা ৩ অক্টোবৰৰ পুৱা ১ বজালৈ ৱান ৱে হ’ব।

চাইকেল ফেক্টৰীৰ ফালৰ পৰা লখৰা চাৰিআলি অভিমুখে বাহনসমূহ নিয়মিতভাৱে চলি থাকিব।

মেচখনৰ দিনা লখৰা কাৰ পাছ নথকা বাহনে লখৰা চাৰিআলিৰ প্ৰৱেশ কৰিব নোৱাৰিব।

ইয়াৰ উপৰি, বৰ্ষাপাৰা তিনিআলিৰ পৰা ধীৰেনপাৰা তিনিআলিলৈ কাৰ পাছ থকা বাহনৰ বাবে ৱান ৱে হ’ব।

ধীৰেনপাৰা তিনিআলিৰ পৰা বৰ্ষাপাৰা ষ্টেডিয়াম অভিমুখে কোনো ধৰণৰ বাহন প্ৰৱেশ কৰিব নোৱাৰিব।

Related Articles

Back to top button