
নিউজ ডেস্কঃ ড্ৰাগছ, গাঞ্জা আদি নিচাজাতীয় সামগ্ৰীৰ সৰবৰাহৰ সমান্তৰালভাৱে এতিয়া বন্যপ্ৰাণীৰো সৰবৰাহৰ মাধ্যম হৈ পৰিছে ভাৰতীয় ৰে’ল।
এইবাৰ ৰে’লৰ ডবাৰ পৰা উদ্ধাৰ হ’ল ডেৰ শতাধিক সৰু-বৰ কাছ।
নতুন দিল্লীৰ পৰা গুৱাহাটী অভিমুখে অহা নৰ্থ ইষ্ট এক্সপ্ৰেছত অভিযান চলাই ৰে’ল আৰক্ষীয়ে জব্দ কৰে কেইবা লক্ষাধিক টকা মূল্যৰ এই কাছখিনি।
উত্তৰ প্ৰদেশৰ মোগলচৰাইৰ পণ্ডিত দীনদয়াল উপাধ্যায় জংচনত মঙলবাৰে গোবিন্দপুৰী (কানপুৰ) আৰপিএছ ষ্টেছনৰ ভাৰপ্ৰাপ্ত বিষয়া সুৰুচি শৰ্মাৰ নেতৃত্বত অভিযান চলায় ২১টা বস্তাত সৰবৰাহ কৰা কাছ কেইটা উদ্ধাৰ কৰা হয়।
ৰে’ল আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ২১ টা বস্তাৰ ভিতৰত ভৰাই সৰবৰাহ কৰা হৈছিল ১৫৭টা সৰু-বৰ কাছ।
প্ৰায় ৪০০ কেজি সৰ্বমুঠ ওজনৰ এই কাছ কেইটাৰ বজাৰ মূল্য ৫.২৮ লাখ টকা হ’ব বুলি অনুমান কৰা হৈছে।
পিছত ৰে’ল আৰক্ষীয় কাছ কেইটা বন বিভাগৰ হাতত গতাই দিয়ে।