
নিউজ ডেস্কঃ আকৌ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত জয়ৰ ধ্বজা উৰুৱাবলৈ সক্ষম হ’ল অসম কন্যা লাভলীনা বৰগোহাঁইয়ে।
অলিম্পিক পদকজয়ী এথলিটগৰাকীৰ এইবাৰ পদক জয় এলাইট ওমেনছ নেশ্যনেল বক্সিং চেম্পিয়নশ্বিপত।
ভূপালত অনুষ্ঠিত ষষ্ঠ সংখ্যক প্ৰতিযোগিতাত সোণৰ পদক জয় অসম কন্যা লাভলীনা বৰগোহাঁইৰ।
ইফালে প্ৰতিযোগিতাত বিজয়ৰ নিচান উৰুৱালে আন এগৰাকী অসম কন্যা অংকুশিতা বড়োৱেও।
অংকুশিতাই অৰ্জন কৰে ৰূপৰ পদক।
উল্লেখ্য যে, ১৯ ডিচেম্বৰৰ পৰা ২৬ ডিচেম্বৰলৈ অনুষ্ঠিত হৈছিল প্ৰতিযোগিতা।