
নিউজ ডেস্কঃ সৰ্বভাৰতীয় পৰ্যায়ৰ পৰীক্ষা জেইই মেইনছ (ছেচন-২)ৰ ফলাফলত এশ শতাংশ নম্বৰেৰে সমগ্ৰ দেশৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিবলৈ সক্ষম হ’ল অসমৰ স্নেহাই। নেশ্যনেল টেষ্টিং এজেন্সীয়ে শেহতীয়াকৈ ঘোষণা কৰে এই পৰীক্ষাৰ ফলাফল।
উল্লেখ্য যে, জেইই মেইনছ (ছেচন-২)ৰ পৰীক্ষাত দ্বিতীয় স্থান লাভ কৰা প্ৰথমগৰাকী মহিলা প্ৰাৰ্থীৰূপেও পৰিগণিত হৈছে গুৱাহাটীৰ স্নেহা পাৰিখ।
মহানগৰীৰ ৰাজগড় নিৱাসী ৰাজিৱ পাৰিখৰ কন্যা স্নেহাই ছেইণ্ট মেৰীজ স্কুলৰ পৰা স্কুলীয়া শিক্ষা সম্পূৰ্ণ কৰাৰ পাছত আৰ এন এছ একাডেমীৰ পৰা উচ্চতৰ মাধ্যমিকৰ পাঠ্যক্ৰম সম্পন্ন কৰিছিল। ইয়াৰ পিছতে তেওঁ জেইই মেইনছৰ বাবে প্ৰস্তুতি চলাইছিল।

সোমবাৰে পৰীক্ষাৰ ফলাফল লাভ কৰাৰ পিছতে আনন্দ ব্যক্ত কৰে স্নেহা আৰু তেওঁৰ পৰিয়ালে। সৰুৰে পৰাই এগৰাকী অভিযন্তা হোৱাৰ সপোন দেখা স্নেহাই নিজৰ সপোন বাস্তৱায়িত কৰিবলৈ যথেষ্ট অধ্যয়ন কৰিছিল বুলি জানিবলৈ দিয়ে।
ইফালে স্নেহাৰ পিতৃ ৰাজীৱ পাৰিখেও কয় যে বিগত এটা বছৰত স্নেহাই নিজৰ শৈক্ষিক প্ৰস্তুতিৰ বাবে পৰিয়ালক সময় দিব পৰা নাছিল। স্নেহাই কৰা কঠোৰ পৰিশ্ৰম আৰু অধ্যাৱসায়ে আশা কৰা ধৰণে ফল প্ৰদান কৰাত আনন্দ ব্যক্ত কৰে ৰাজীৱ পাৰিখে।
উল্লেখ্য যে সোমবাৰে ঘোষণা কৰা জেইই মেইনছৰ ফলাফলত দেশৰ মুঠ ২৪ গৰাকী শিক্ষার্থীয়ে ১০০ শতাংশ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।