অসম

ভাল খবৰ! বিশিষ্ট সাহিত্যিক য়েছে দৰজে ঠংচিলৈ ৰাষ্ট্ৰীয় সন্মান…

প্ৰতিথযশা সাহিত্যিক য়েছে দৰজে ঠংচিলৈ আগবঢ়োৱা হৈছে এক বিশেষ বঁটা।

জীৱন ৰাম মুংগী দেৱী গোৱেংকা মেমৰিয়েল নেশ্যনেল এৱাৰ্ড ফৰ এক্সিলেন্স ইন লিটাৰেচাৰ-২০২২ৰ সন্মান য়েছে দৰজে ঠংচিলৈ আগবঢ়োৱা হৈছে।(Jeewan Ram Mungi Devi Gowenka Memorial National Award for Excellence in Literature-2022)।

অহা ২৫ ছেপ্টেম্বৰত গুৱাহাটীত এই বঁটা প্ৰদান কৰা হ’ব।

এই বঁটাৰ লগতে বিশিষ্ট সাহিত্যিকগৰাকীলৈ আগবঢ়োৱা হ’ব নগদ ২ লাখ টকা।

উল্লেখ্য যে, অসমীয়া ভাষা, সাহিত্যিৰ চৰ্চাৰ মাধ্যমেৰে অসমীয়া সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়োৱা বিশিষ্ট সাহিত্যিকগৰাকীক দীৰ্ঘদিন ধৰি অসমৰ ৰাইজে অসম সাহিত্য সভাৰ সভাপতিৰ ৰূপত চাবলৈ বিচাৰি আছিল যদিও বিভিন্ন কাৰণত তেওঁ সভাপতিৰ নিৰ্বাচনৰ পৰা আঁতৰি আছিল।

এইবাৰ তেওঁ অসমৰ ৰাইজৰ দাবীক সন্মান জনাই নিৰ্বাচনত প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ কথা ঘোষণা কৰিছে।

Related Articles

Back to top button