fbpx
অসমীয়াৰাষ্ট্ৰীয়

ভয়ংকৰ! নিয়ন্ত্ৰণ হেৰুৱাই আগে আগে গৈ থকা বৰযাত্ৰীৰ বাহনত প্ৰচণ্ড খুন্দা আন এখন বাহনৰ, ৪ জনৰ মৃত্যু

নিউজ ডেস্কঃ বিবাহ অনুষ্ঠানত অংশ লৈ উভতি অহাৰ পথতে দুখন বৰযাত্ৰীৰ বাহনৰ ভংয়কৰ সংঘৰ্ষত মৃত্যুক সাৱটি লয় ৪ জনকৈ লোকে।

এই দুৰ্ঘটনাত আন ৬ জন লোক গুৰুতৰভাৱে আহত হয়।

বৃহস্পতিবাৰে পুৱা এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশৰ বান্দা জিলাৰ তিন্দৱাৰী আৰক্ষী থানা এলেকাৰ পাপ্ৰেণ্ডা পথত।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, স্ক’ৰপিঅ’ আৰু বলেৰ’ বাহনখনে চিত্ৰকূট জিলাত এক বিবাহ অনুষ্ঠানত অংশগ্ৰহণ কৰি একেলগে উভতিছিল বান্দা অমিমুখে।

কিন্তু সেই সময়তে বলেৰ’ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাই আগে আগে গৈ থকা স্ক’ৰপিঅ’ বাহনখনত পিছফালৰ পৰা প্ৰচণ্ড খুন্দা মৰাত দুয়োখন বাহন লুটি খাই পৰে।

ইয়াৰ পিছতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ স্থানীয় লোকৰ সহায়ত আহত সকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে যদিও ৪ জনক চিকিৎসকে মৃত ঘোষণা কৰে।

নিহত সকলক পাইলানী আৰক্ষী থানা এলেকাৰ নিৱাইচ আৰু পিপাৰহাৰী গাঁৱৰ নিৱাসী কুলদ্বীপ, ছোটু, কল্লু আৰু উমেশ বুলি চিনাক্ত কৰা হৈছে।

ইফালে দুৰ্ঘটনাত আহত আন ৬ জন বৰ্তমান হাস্পতালত চিকিৎসাধীন হৈ আছে।

Related Articles

Back to top button