fbpx
অসমীয়াৰাষ্ট্ৰীয়

ভয়ংকৰ! দুখন ৰে’লৰ মাজৰ সংঘৰ্ষত ৰে’লপথৰ পৰা উফৰি পৰিল ডবা, আহত পাইলট…

নিউজ ডেস্কঃ বৃহস্পতিবাৰে পুৱাই উত্তৰ প্ৰদেশৰ চুলতানপুৰ ৰে’লৱে জংচনৰ সমীপত দুখন মালবাহী ৰে’লৰ মাজত সংঘটিত সংঘৰ্ষত দীৰ্ঘ সময়ৰ বাবে ব্যাহত হৈ পৰে অন্য ৰে’লৰ চলাচল।

পুৱাৰ ভাগত সংঘটিত এই সংঘৰ্ষৰ পিছতে এখন মালবাহী ৰে’লৰ ৬টাকৈ ডবা ৰে’লপথৰ পৰা বাগৰি পৰে।

ইফালে এই দুৰ্ঘটনাত আহত হয় এগৰাকী পাইলটো।

পুৱা সংঘটিত দুৰ্ঘটনাটোৰ পিছতে লক্ষ্ণৌ-বাৰানসী আৰু অযোধ্যা-প্ৰয়াগৰাজৰ মাজত চলিবলগীয়া কেইবাখনো মালবাহী আৰু যাত্ৰীবাহী ৰে’ল বাতিল কৰিবলগীয়া হয়।

ইফালে এই সংঘৰ্ষৰ খবৰ লাভ কৰাৰ পিছতে জিআৰপি আৰু ৰে’ল বিভাগৰ বিষয়াৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান চলায়।

Related Articles

Back to top button