fbpx
অসমীয়াৰাষ্ট্ৰীয়

ভয়ংকৰ! ঘৰৰ গেছ গিজাৰ বিস্ফোৰণৰ ফলত খহি পৰিল ঘৰৰ চাদ, গুৰুতৰভাৱে আহত স্বামী-স্ত্ৰীৰ লগতে তেওঁলোকৰ ৬ বছৰীয়া কন্যা…

নিউজ ডেস্কঃ চাহ বনাবলৈ পাকঘৰলৈ সোমোৱাৰ সময়তে গেছ গিজাৰ বিস্ফোৰিত হৈ খহি পৰিল ঘৰৰ চালি।

এই দুৰ্ঘটনাত এহাল দম্পতী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাৰ বিপৰীতে আহত হয় তেওঁলোকৰ ৬ বছৰীয়া কন্যাও।

দেওবাৰে এই ভয়ংকৰ ঘটনা সংঘটিত হয় উত্তৰ প্ৰদেশৰ আগ্ৰাৰ শ্বাহগঞ্জৰ দৰগাহ কমল খান অঞ্চলত।

জানিব পৰা মতে, পুৱা দৰগাহ কমল খান অঞ্চলৰ নিৱাসী কৰিমৰ পত্নী গজলে পাকঘৰত চাহ বনাবলৈ সোমাইছিল।

সেই সময়তে তেওঁলোকৰ ঘৰত থকা গেছ গিজাৰটো বিস্ফোৰণ ঘটাত খহি পৰে ঘৰৰ চালি।

এই ঘটনাত ধ্বংসস্তূপৰ মাজত আৱদ্ধ হৈ পৰে কৰিম, পত্নী গজল আৰু তেওঁলোকৰ ৬ বছৰীয়া কন্যা।

অন্যহাতে গেছ গিজাৰ বিস্ফোৰণৰ ফলত অগ্নিদগ্ধ হয় গজল।

বিস্ফোৰণৰ পিছতে স্থানীয় লোক বাসগৃহত উপস্থিত হৈ প্ৰায় ৪৫ মিনিট চেষ্টা চলাই তিনিওজনকে উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।

কৰিম আৰু তেওঁলোকৰ কন্যাৰ অৱস্থা বৰ্তমান কিছু পৰিমাণে সুস্থিৰ যদিও অধিক সংকটজনক হৈ আছে পত্নী গজলৰ অৱস্থা।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!