অসম
বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ বশিষ্ঠ দেৱ শৰ্মা অসুস্থ, জি এম চি এইছত ভৰ্তি…

বৰপেটা সত্ৰৰ সত্ৰাধিকাৰ বশিষ্ঠ দেৱ শৰ্মা অসুস্থ।
বৰ্তমান জি এম চি এইচত চিকিৎসাধীন হৈ আছে সত্ৰাধিকাৰ গৰাকী।
উল্লেখ্য যে দীৰ্ঘদিন ধৰি যকৃতজনিত ৰোগত আক্ৰান্ত হৈ আছে বৰ্ষীয়ান সত্ৰীয়াগৰাকী।
প্ৰাপ্ত খবৰ মতে বুঢ়া সত্ৰীয়াগৰাকীৰ স্বাস্থ্যৰ অৱস্থাই জটিল ৰূপ ধাৰণ কৰা নাই।
তেওঁ অসুস্থ যদিও শাৰীৰিক অৱস্থা সুস্থিৰ হৈ আছে।
বৰপেটা সত্ৰৰ এইগৰাকী সত্ৰাধিকাৰক অসম চৰকাৰে শ্ৰীমন্ত শংকৰদেৱ বঁটাৰে বিভূষিত কৰিছিল।