ব্ৰহ্মপুত্ৰত উদ্ধাৰ ‘পলাতক’ দুৰ্ধৰ্ষ চােৰাং চিকাৰী উত্তম খাকলাৰীৰ মৃতদেহ

নিউজ ডেস্ক। আৰক্ষীৰ চকুত ধূলি দি পলায়ন কৰা দুৰ্ধৰ্ষ চােৰাং চিকাৰী উত্তম খাকলাৰীৰ মৃত্যু।

কাজিৰঙাৰ কাৰ্তিকা চাপৰিৰ কাষৰীয়া ব্ৰহ্মপুত্ৰ নৈৰ পৰা উদ্ধাৰ কৰা হয় চােৰাং চিকাৰীটােৰ মৃতদেহ।

উল্লেখ্য যে গোলাঘাট আৰক্ষীয়ে সোমবাৰে অসম-নাগালেণ্ড সীমান্তৰ উৰিয়ামঘাটৰ ৰেংমাইপুৰৰ পৰা আটক কৰিছিল উত্তম খাকলাৰী নামৰ চোৰাং চিকাৰীটোক।

34
চােৰাং চিকাৰী উত্তম খাকলাৰী

কিন্তু আৰক্ষীৰ জিম্মাৰ পৰা সোমবাৰে নিশা পলায়ন কৰে শ্বাৰ্প শ্বুটাৰ খাকলাৰী।

ইয়াৰ পিছতে চিকাৰীটােৰ বিচাৰি বন বিভাগ আৰক্ষীয়ে তীব্ৰ অভিযান চলায় যদিও কােনাে শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম নহ’ল।

অৱশেষত কাৰ্তিকা চাপৰিৰ কাষৰীয়া ব্ৰহ্মপুত্ৰ নৈৰ পৰা মৃতদেহ উদ্ধাৰ হ’ল চােৰাং চিকাৰীটােৰ।

জানিব পৰা মতে, পূৰ্বতে সেনাবাহিনীৰ যােগদান কৰিছিল উত্তম খাকলাৰী। কিন্তু সেনাৰ নীতি-নিয়ম উলংঘা কৰা বাবে ২০১৫ চনত চাকৰিৰ পৰা বৰ্খাস্ত কৰা হয় খাকলাৰীক‌।

বন বিভাগ-আৰক্ষীৰ মতে শিলেখুন্দা বন শিবিৰ এলেকাত হোৱা গঁড় হত্যাৰ মূল শ্বুটাৰ আছিল উত্তম খাকলাৰী‌।

Leave a Comment