বেহেলাবাদক সুনীতা ভূঞালৈ ২০২২ বৰ্ষৰ গ্ল’বেল চি-ইন্সপায়াৰ্ছ বঁটা…

বেহেলাবাদক সুনীতা ভূঞালৈ ২০২২ বৰ্ষৰ গ্ল’বেল চি-ইন্সপায়াৰ্ছ বঁটা।
মুম্বাই নিবাসী অসম কন্যা সুনীতা ভূঞাই লাভ কৰিছে ২০২২ বৰ্ষৰ আন্তৰ্জাতিক খ্যাতিসম্পন্ন চি-ইন্সপায়াৰ্ছ বঁটা।
বেহেলাবাদক সুনীতা ভূঞাই বিশ্বৰ বহু প্ৰতিযোগীৰ মাজৰ পৰা এই বঁটা লাভ কৰিবলৈ সক্ষম হয়।
উল্লেখ্য যে চি-ইন্সপায়াৰ্ছ এৱাৰ্ডৰ প্রতিযোগিতা এইবাৰ অষ্টমবাৰলৈ হ’লেও আন্তর্জাতিক স্তৰত তৃতীয়বাৰলৈ সম্পন্ন কৰা হয়।

আন্তর্জাতিক স্তৰৰ প্ৰতিযোগিতাত ডেনমার্ক, দক্ষিণ আফ্রিকা, আমেৰিকা যুক্তৰাষ্ট্ৰ, অষ্ট্ৰেলিয়া, মালয়েছিয়া, শ্রীলংকা, স্পেইন, ডোহা, জার্মানী, তুর্কী, ভাৰত আৰু ইংলেণ্ড আদি দেশৰ প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰে।
বিশ্বৰ বহু প্ৰতিযোগিৰ মাজৰ পৰা চি-ইন্সপায়াৰ্ছ এৱাৰ্ড লাভ কৰি অত্যন্ত গৌৰৱবোধ কৰাৰ লগতে আনন্দিত হৈ পৰে সুনীতা ভূঞা।
স্মৰ্তব্য এইগৰাকী বিশিষ্ট বেহেলাবাদক শিল্পীয়ে সংগীত ক্ষেত্ৰখনৰ জৰিয়তে সৃষ্টিশীলতা আৰু কল্যাণ সাধনত ব্ৰতী হৈ আহিছে।