অসম
বৃহৎ পৰিমাণৰ মাৰাণাস্ত্ৰসহ আৰক্ষীৰ জালত NSCN(IM)ৰ দুই নাবালক সদস্য…

বৃহৎ পৰিমাণৰ মাৰাণাস্ত্ৰসহ আৰক্ষীৰ জালত NSCNৰ দুই নাবালক সদস্য।
তিনিচুকীয়া ৰে’লৱে ষ্টেচনত তিনিচুকীয়া আৰক্ষীয়ে মাৰণাস্ত্ৰসহ আটক কৰিছে ২ NSCN(IM)ৰ কেডাৰক।
আটকাধীন সদস্য দুগৰাকীৰ এগৰাকীৰ বয়স ১৬ বছৰ আৰু আনগৰাকীৰ বয়স ১৩ বছৰ।
আটকাধীন দুই সদস্যক লগত লৈ অৰুণাচলৰ নামটকত অভিযান চলাই জব্দ কৰে বৃহৎ পৰিমাণৰ মাৰাণাস্ত্ৰ।

উজনিৰ ডি আই জি জিৎমল দলে আৰু তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষীৰ অধীক্ষক ৰিপুঞ্জয় কাকতীৰ নেতৃত্বত চলিছিল এই অভিযান।
দুয়োগৰাকী সদস্যৰ পৰা দুটা HK ৰাইফল, দুটা IED, ২৮৩ ৰাউণ্ড সজীৱ গুলি, ATM তিনিখন আৰু তিনিটা মোবাইলফোন উদ্ধাৰ কৰিছে আৰক্ষীয়ে।