নিউজ ডেস্ক। প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে বিভিন্ন সময়ত যুৱতীগৰাকীৰ ওপৰত আক্ৰমণ নাইবা অন্য ধৰণে প্ৰতিশােধ লােৱাৰ ঘটনা কােনাে নতুন কথা নহয়।
বহু সময়ত তেনে ঘটনাই সংবাদ মাধ্যমৰ শিৰোনামাও দখল কৰে।
কিন্তু এইবাৰ সংঘটিত হ’ল এক বিপৰীত ঘটনা, য’ত বিবাহৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে প্ৰেমিকাই প্ৰতিশােধ ল’বলৈ সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড।
৩-৪ বছৰৰ প্ৰেমৰ সম্পৰ্কৰ পাছত অন্তঃসত্বা হােৱা এগৰাকী ১৮ বছৰৰ অনুৰ্দ্ধৰ কিশােৰীয়ে বিয়াৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰাৰ বাবে সংঘটিত কৰিলে ভয়ংকৰ কাণ্ড।
প্ৰেমিকক সাক্ষাৎ কৰাৰ ছলেৰে পিষ্টলেৰে গুলীয়াই হত্যাৰ চেষ্টা চলাই নাবালিকা প্ৰেমিকাই।
এই ঘটনা সংঘটিত হ’ল পশ্চিম বংগৰ পূব বৰ্ধমান কাটোয়া চহৰত।

জানিব পৰা মতে, অন্তঃসত্বা প্ৰেমিকাক বিয়া কৰিবলৈ অমান্তি হােৱাৰ বাবে প্ৰেমিকাই পিষ্টলেৰে গুলীচালনা কৰি আহত কৰে প্ৰেমিক লালচান্দ শ্বেখক।
২১ বছৰীয়া লাল চান্দ পেছাত এগৰাকী ৰং মিস্ত্ৰী তথা কাটোয়া ময়দানপাৰাৰ বাসিন্দা।

জানিব পৰা মতে, বিগত ৩-৪ বছৰ ধৰি দুয়ােৰে মাজত গঢ়ি উঠিছিল প্ৰেমৰ সম্পৰ্ক।
প্ৰেয়সী অন্তঃসত্বা হােৱাৰ পাছত প্ৰেমিকে বিয়া কৰােৱাৰ সলনি দুয়ােৰে মাজৰ সম্পৰ্কচ্ছেদ কৰাৰ চেষ্টা কৰিছিল।
দুয়ােজনৰ মাজত থকা প্ৰেমৰ সম্পৰ্কৰ বিষয়ে দুয়োৰে পৰিয়ালে লােকাে অৱগত আছিল।
কিন্তু ইয়াৰ মাজতে যুৱকজন কামৰ বাবে ঝাৰখণ্ডলৈ গুচি যায়। ইয়াৰ পাছতাে দুয়োৰে মাজত অব্যাহত আছিল যোগাযোগ। দুয়াে ফোনতাে নিয়মীয়াকৈ কথা পাতিছিল।
কিন্তু ঝাৰখণ্ডৰ পৰা উভতি অহাৰ পিছৰে পৰা লালচান্দ আৰু কিশােৰীগৰাকীৰ সম্পৰ্কৰ অৱনতি ঘটে।
জানিব পৰা মতে, লালচান্দ মঙলবাৰে ঝাৰখণ্ডৰ পৰা কাটোৱাৰ বাগানপাৰাত থকা নিজ ঘৰলৈ উভতি আহে।
এই কথা গম পাই কিশােৰীগৰাকীয়ে বুধবাৰে সন্ধিয়া লাল চান্দক সাক্ষাৎ কৰাৰ কথা কৈছিল।
সেই অনুসৰি, দুয়োজনে গাঁৱখনৰ সমীপৰে এঠাইত লগ হোৱাৰ সিদ্ধান্ত লৈছিল।
অনুৰূপ ধৰণে নিৰ্দিষ্ট সময়ত তেওঁলোক দুয়ো উপস্থিত হৈছিল সেই নিৰ্ধাৰিত স্থানত।
আৰক্ষীৰ ওচৰত লাল চান্দে দাবী কৰা অনুসৰি, প্ৰেমিকাই লগ পোৱাৰ পিছত তেওঁক চুমা খাইছিল।
তাৰ পাছত ধূমপান কৰাৰ ইচ্ছা প্ৰকাশ কৰি চিগাৰেট কিনিবলৈ কৈছিল।
সেই অনুসৰি তেওঁ চিগাৰেট ক্ৰয় কৰি আনিছিল। কিন্তু যেতিয়া কিশােৰীগৰাকীয়ে চিগাৰেট জ্বলোৱাৰ কথা কৈছিল, সেই সময়তে ছেগ বুজি পিষ্টলেৰে লাল চান্দৰ বুকুলৈ লক্ষ্য কৰি গুলী চালনা কৰে।
এই ঘটনাত সৌভাগ্যক্ৰমে গুলী জেকেট ভেদ কৰি পেটত আঘাত কৰে যদিও প্ৰাণৰক্ষা কৰে।
ইপিনে, ঘটনা সংক্ৰান্তত আৰক্ষীয়ে কিশােৰীগৰাকীৰ গ্ৰেপ্তাৰ কৰিছে। আনহাতে, কিশােৰীগৰাকীৰ মাতৃৰ অভিযােগৰ ভিত্তিত ধৰ্ষণৰ অভিযােগ গ্ৰেপ্তাৰ কৰিছে লাল চান্দ শ্বেখক।
এগৰাকী কিশােৰীৰ এনে দুঃসাহসিক প্ৰতিশােধ লােৱাৰ ঘটনাই ইতিমধ্য দেশ-বিদেশৰ সংবাদ মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে।
লগতে চাওকঃ
আবেগিক মুহূৰ্ত! বিবাহ অনুষ্ঠানত প্ৰয়াত মাতৃৰ ফটো বুকুত সাৱটি প্ৰৱেশ কইনাৰ
শোকাবহ! পথ দুৰ্ঘটনাত দুগৰাকী জুনিয়ৰ আৰ্টিষ্টৰ মৃত্যু, দ্বি-খণ্ডিত হ’ল বিলাসী বাহন