fbpx
অসমঅসমীয়া

বিহুৰ মাজতেই অনুষ্ঠিত হ’ব পৌৰ নিগমৰ নিৰ্বাচন, তাৰিখ ঘোষণা ৰাজ্যিক নিৰ্বাচন আয়োগৰ

নিউজ ডেস্ক। বিহুৰ মাজতেই অনুষ্ঠিত হব পৌৰ নিগমৰ নিৰ্বাচন। বুধবাৰে ৰাজ্যৰ পৌৰ নিগমৰ তাৰিখ ঘোষণা কৰে ৰাজ্যিক নিৰ্বাচন আয়োগে।

সংবাদমেল যোগে ৰাজ্যিক নিৰ্বাচন আয়োগে ঘোষণা কৰা মতে, অহা ১৯ এপ্ৰিলত অনুষ্ঠিত হ’ব পৌৰ নিগমৰ নিৰ্বাচন।

নিৰ্বাচনৰ মনোনয়ন দাখিলৰ অন্তিম তাৰিখ হৈছে ৩০ মাৰ্চ। মনোনয়ন উভতাই লব পাৰিব ৪ এপ্ৰিলৰ বিয়লি ৩ বজাৰ পৰা।

G4 20

ইফালে ২১ এপ্ৰিলৰ পুৱা ৮ বজাৰ পৰা অনুষ্ঠিত হব ভোট গণনা।

উল্লেখ্য যে, পৌৰ নিগমৰ নিৰ্বাচনত মুঠ ভোটাৰৰ সংখ্যা হৈছে ৭ লাখ ৯৬ হাজাৰ ৮২৯ জন।

ইয়াৰে ৩ লাখ ৯৬ হাজাৰ ৮৯১জন পুৰুষ ভোটাৰ হোৱাৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা হৈছে ৩ লাখ ৯৯ হাজাৰ ৯১১গৰাকী। আনহাতে তৃতীয় লিংগৰ ভোটাৰ আছে ২৭গৰাকী।

গুৱাহাটীত মুঠ ৬০ টা ৱাৰ্ডৰ ৭৮৯টা ভোটকেন্দ্ৰত অনুষ্ঠিত হ’ব পৌৰ নিগমৰ নিৰ্বাচন। ৰাজ্যিক নিৰ্বাচন আয়োগে সদৰী কৰা মতে, এই নিৰ্বাচনত ৫০ শতাংশ আসন মহিলাৰ বাবে সংৰক্ষিত আছে।

23 03 22 Guwahati Alok Kumar Press Meet 2
UB Photos

অনুসূচীত জাতিৰ বাবে ৩ খন আৰু অনুসূচীত জনজাতিৰ বাবে ৪ খন আসন সংৰক্ষণ আছে। অসংৰক্ষিত আসনৰ সংখ্যা ৩০ খন৷

নিৰ্বাচন আয়োগে কয় যে একোটা ৰাজনৈতিক দলে প্ৰতিটো ৱাৰ্ডত ২ লাখ ৫০ হাজাৰ সৰ্বাধিক টকা নিৰ্বাচনৰ নামত খৰছ কৰিব পাৰিব৷

ই ভিএমৰে অনুষ্ঠিত হব এইবাৰ পৌৰ নিগমৰ নিৰ্বাচন।

আনহাতে আজিৰে পৰা নিৰ্বাচনক লৈ মডেল ক’ড অৱ কনডাক্ট বলবৎ কৰা হৈছে। ক’ভিদৰ বাবে কোনোধৰণৰ বিশেষ বাধানিষেধ নাই যদিও মাস্ক, চেনিটাইজাৰ আৰু সামাজিক দুৰত্ব মানি চলিবলৈ আহ্বান জনাইছে ৰাজ্যিক নিৰ্বাচন আয়োগে।

ইফালে নিশা ৯ বজাৰ পাছত নিৰ্বাচনী প্ৰচাৰ চলোৱাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ নিৰ্বাচন সুচাৰুৰূপে পৰিচালনা কৰিবলৈ বিশেষ নিৰ্বাচনী বিষয়াক নিয়োগ কৰা হব৷

ইয়াৰোপৰি অসম আৰক্ষী আৰু গৃহৰক্ষী বাহিনীৰ জোৱানে পহৰা দিব ভোট কেন্দ্ৰ সমূহত। প্ৰতিটো ৱাৰ্ডত খৰছৰ খতিয়ান চাবৰ বাবে বিষয়া নিয়োগ কৰিব ৰাজ্যিক নিৰ্বাচনী আয়োগে৷

Related Articles

Leave a Reply

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!