অসম

বিশিষ্ট সাহিত্যিক তথা ‘নামঘৰীয়া’ৰ স্ৰষ্টা অতুলানন্দ গোস্বামীৰ দেহাৱসান…

বিশিষ্ট সাহিত্যিক ‘নামঘৰীয়া’ৰ স্ৰষ্টা অতুলানন্দ গোস্বামীৰ দেহাৱসান।

বুধবাৰে পুৱতি নিশা প্ৰায় ৪.৪০ বাজত জিএম চি এইচত শেষ নিশ্বাস ত্যাগ কৰে সাহিত্যিক গৰাকীয়ে।

মৃত্যুৰ সময়ত বয়স আছিল ৮৭ বছৰ।

বিগত ১০ দিন ধৰি জিএমচিএইচত চিকিৎসাধীন হৈ আছিল বিশিষ্ট সাহিত্যিকগৰাকী।

উল্লেখযোগ্য যে গল্পকাৰ, অনুবাদক, ঔপন্যাসিক গোস্বামীৰ জন্ম হৈছিল ১৯৩৫ চনত।

অসমীয়া সাহিত্যত গল্পকাৰ, ঔপন্যাসিক, অনুবাদক হিচাপে পৰিচিত গোস্বামীদেৱৰ ‘হামদৈ পুলৰ জোন’, ‘চেনেহ জৰীৰ গাঁথি’‘ৰাজপাট’, ‘পলাতক’, ‘আশ্রয় আদি অপূৰ্ব সৃষ্টি।

‘চেনেহ জৰীৰ গাঁথি’ৰ বাবে ২০০৬ চনত ‘সাহিত্য অকাডেমী বঁটা’ লাভ কৰিছিল গোস্বামীদেৱে।

আনহাতে ২০১৩ চনত তেওঁ লাভ কৰিছিল ‘অসম উপত্যকা সাহিত্য বঁটা’।

image 273

এসময়ত গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰ যোগে প্ৰচাৰ হোৱা অতি জনপ্ৰিয় ধাৰাবাহিক ‘নামঘৰীয়া’ আছিল তেখেতৰে বহু জনপ্ৰিয় উপন্যাসৰ নাট্যৰূপ।

১৯৮৯ চনত প্ৰকাশ পাইছিল এই জনপ্ৰিয় গ্ৰন্থখন। ‘নামঘৰীয়া’ৰ বাবে অসম সাহিত্য সভাৰ অম্বিকাগিৰি ৰায়চৌধুৰী বঁটা, কুমাৰ কিশোৰ সোঁৱৰণী বঁটা, ‘বলিয়া হাতী’ৰ বাবে ১৯৯২ চনত ‘কথা’ বঁটা লাভ কৰিছিল গোস্বামীয়ে।

অসমীয়া সাহিত্যৰ অন্যতম শক্তিশালী গল্পকাৰ তথা ঔপন্যাসিক তেওঁ। কেইবাখনো গ্ৰন্থ তেওঁ অনুবাদ কৰিছে। তাৰ ভিতৰত জেমছ হিল্মৰ ‘গুডবাই মিঃ ছিপছ’, টি এছ পিল্লাইৰ ‘পিতা-পুত্ৰ’, প্ৰাণবন্ধু কৰ আৰু মনোজ কুমাৰৰ ‘শ্বেতপম্মা আৰু বনহংসী’, ‘একৈশটা বাংলা গল্প’, বংকিমচন্দ্ৰৰ নিৰ্বাচিত প্ৰবন্ধ অন্যতম।

গোস্বামীৰ দেহাৱসানত ৰাজ্যৰ সাহিত্য জগতত পৰিছে শোকৰ ছাঁ।

Related Articles

Back to top button