বিয়া খোৱা নহ’ল কণমানি শৰ্মিষ্ঠাৰ! সুৰাসক্ত ই-ৰিক্সা চালকৰ গাফিলতিয়ে কাঢ়ি লৈ গ’ল প্ৰাণ…

নিউজ ডেস্কঃ মাতৃৰ সৈতে বিয়া খাবলৈ যোৱাৰ সময়তে ই-ৰিক্সা দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটি ল’লে এটি কণমানিয়ে।

দেৰগাঁৱৰ দিচৈ তিনিআলিত সংঘটিত এই দুৰ্ঘটনাই শোকস্তব্ধ কৰিছে গোটেই অঞ্চলবাসীক।

নিহত কণমানিটি দেৰগাঁৱৰ বাঁহগুৰিৰ হুটাৰ গাঁৱৰ শৰ্মিষ্ঠা দাস বুলি জানিব পৰা গৈছে।

ইফালে সুৰাপায়ী ই-ৰিক্সা চালকৰ গাফিলতিৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উঠিছে।

জানিব পৰা মতে, মাতৃৰ সৈতে বিয়ালৈ বুলি ই-ৰিক্সাৰে গৈ আছিল কণমানি শৰ্মিষ্ঠা।

সেই সময়তে দিচৈ তিনিআলিত নিয়ন্ত্ৰণহীন হৈ ই-ৰিক্সাখন বাগৰি পৰাত গুৰুতৰভাৱে আহত হয় কণমানিটি।

ততাতৈয়াকৈ শিশুটিক ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ নিয়া হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

আনফালে এই দুৰ্ঘটনাৰ পিছতে সেই স্থানৰ পৰা পলায়ন কৰে ই-ৰিক্সা চালকজনে।

কণমানি শৰ্মিষ্ঠাৰ মৃত্যুৱে সমগ্ৰ অঞ্চলবাসীক মৰ্মাহত কৰিছে।