আজিৰে পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন।
২৪ ডিচেম্বৰলৈ চলিব বিধানসভাৰ অধিৱেশন।
আজি পুৱা ৯.৩০ বজাৰ পৰা আৰম্ভ হয় বিধানসভাৰ অধিৱেশন। বিধানসভাৰ অধিৱেশনৰ প্ৰথম দিনাই উত্তাল সদন।
বিধানসভাৰ প্ৰথম দিনাই সদনৰ পৰা বহিষ্কাৰ হ’ল শিৱসাগৰৰ বিধায়ক অখিল গগৈ।
নাৰী নিৰ্যাটনক লৈ প্ৰশ্ন উত্থাপন কৰে অখিল গগৈয়ে।
এনচিআৰবি ৰিপ’ৰ্ট মতে নাৰী নিৰ্যাতনৰ ভিতৰত অসম প্ৰথম বুলি সদনত মত ব্যক্ত কৰে অখিল গগৈয়ে।
অখিল গগৈয়ে মন্তব্য কৰি থকাৰ সময়তে অধ্যক্ষই কয়, প্ৰশ্ন কৰক, ভাষণ বাদ দিয়ক। ছাপ্লিমেণ্টেৰী প্ৰশ্নত ভাষণ কিয়?
ইয়াৰ পিছতে সদনত হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়।
অধ্যক্ষই উত্তৰকালীন ঘণ্টাৰ বাবে সদনৰ পৰা বহিষ্কাৰ কৰে অখিল গগৈক।
মাৰ্ছাল লগাই সদনৰ পৰা বাহিৰ কৰি দিয়া হয় অখিল গগৈক।