অসম
বিজেপি এৰিলে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই…

বিজেপি এৰিলে হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাই।
বিজেপিৰ সক্ৰিয় আৰু প্ৰাথমিক সদস্য পদো ত্যাগ কৰে সত্যৰঞ্জন বৰাই।
সামাজিক মাধ্যম যোগে এই কথা সদৰি কৰিছে বৰাই।

তেওঁ লিখিছে- আজি ২৪ জুন ২০২২ তাৰিখে মই “ভাৰতীয় জনতা পাৰ্টি” বিজেপিৰ সক্ৰিয় সদস্যতা (২০১৫৬) ৰ লগতে প্ৰাথমিক সদস্যতা (১০০৪৪২৫৮৯৯) ত্যাগ কৰি দলৰ লগত থকা সকলো ধৰণৰ ৰাজনৈতিক সম্পৰ্কৰ পৰা আঁতৰি আহিলোঁ।

‘কেৱল বিজেপি বুলিয়েই নহয়; অনাগত দিনত যিকোনো ধৰণৰ সংসদীয় ৰাজনীতিৰ পৰা নিজকে আঁতৰাই আনিলোঁ।’

‘অতি কম সময়ৰ ভিতৰত মোক ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশে যিখিনি দায়িত্ব আৰু মান-সন্মান দিলে; তাৰবাবে মই বিশ্বৰ সৰ্ববৃহৎ ৰাজনৈতিক দলটোৰ ওচৰত চিৰ কৃতজ্ঞ হৈ থাকিম।’