বিজেপিত একাংশ নেতা আলফা-আছুৰ পৰা অহা বাবে আঁতৰা নাই চান্দা তোলাৰ স্বভাৱঃ অখিল গগৈ…

বিজেপিৰ বিৰুদ্ধে পুনৰ বিস্ফোৰক মন্তব্য শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ।

বিজেপিত আলফা-আছুৰ পৰা একাংশ নেতা আহিছে বাবেই চান্দা লোৱ স্বাভাৱঃ অখিল গগৈ…

অখিল গগৈয়ে কয়- অলফা- ‘আছুৰ পৰা বিজেপিত একংশ নেতা আহিছে বাবেই বিজেপিৰ চান্দা লোৱা স্বভাৱ।’

অখিলে কয়- ‘বিভিন্ন অজুহাত দি সাধাৰণ লোকৰ পৰা কৰ ল’বলৈ চেষ্টা কৰিছে বিজেপিয়ে। বিজেপি চৰকাৰখনত একাংশ নেতা আলফা আৰু আছুৰ পৰা অহাৰ বাবে আঁতৰা নাই চান্দা তোলাৰ স্বভাৱ। যাৰ ফলত প্ৰতিটো ক্ষেত্ৰতে চান্দা তোলাৰ চেষ্টা কৰি আছে।’

লগতে বিধায়ক গগৈয়ে ৰাষ্ট্ৰীয় ঘাই পথত এতিয়া কৰৰ সন্ত্ৰাস চলিছে আৰু ইয়াৰ জৰিয়তে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে ডকাইতি চলাইছে বুলিও উল্লেখ কৰে।

ইপিনে এ আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে মানহানি গোচৰ দিব বুলিও জানিব দিয়ে।

তেওঁ কয়- মই আমিনুল ইছলামৰ বিতৰ্কিত বিষয়টোৰ পৰা মোৰ খং উঠাৰ বাবে মই আঁতৰি আছিলো। কিন্তু আমিনুল ইছলামে মোৰ বিৰুদ্ধে অপপ্ৰচাৰ চলাবলৈ এৰা নাই। মোৰ ভাৱমূৰ্তি নষ্ট কৰিবৰ বাবে চেষ্টা কৰিয়ে আছে। কালি ৰাইজৰ দলৰ কেইবাখনো কমিটীৰ বৈঠক আৰু অধিবক্তাৰ সিদ্ধান্ত মৰ্মে আমিনুল ইছলামৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হ’ব’।

লগতে তেওঁ কয়- মই কোনোপধ্যেই মোৰ সতীৰ্থ বিধায়কৰ বিৰুদ্ধে গোচৰ দিব বিচৰা নাছিলো। অতপালিৰ সীমা চেৰাই যোৱা বাবে গোচৰ দিবলৈ বাধ্য হ’লো। বাৰম্বাৰ বিধায়কজনে মোৰ সততাৰ ওপৰত প্ৰশ্ন তুলিছে।

Leave a Comment