fbpx
অসম

বাল্য বিবাহ খাবলৈ যোৱা প্ৰথমগৰাকী ব্যক্তিক গ্ৰেপ্তাৰ…

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশর পাছতে ৰাজ্যত বাল্য বিবাহৰ বিৰুদ্ধে অসম আৰক্ষীয়ে অব্যাহত ৰাখিছে জোৰদাৰ অভিযান।

বাল্যবিবাহৰ গোচৰত আঢ়ৈহাজাৰৰো অধিক লোকক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰিছে অসম আৰক্ষীয়ে।

বাল্য বিবাহ কৰোৱা লোকসকলৰ বিৰুদ্ধেই নহয় এইবাৰ আৰক্ষীয়ে আৰম্ভ কৰিছে বাল্য বিবাহ খাবলৈ যোৱা লোকসকলৰ বিৰু্দ্ধে অভিযান।

অভিযান আৰম্ভ কৰিয়েই বাল্য বিবাহ খাবলৈ যোৱা প্ৰথমজন ব্যক্তিক বঙাইগাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।

বঙাইগাঁৱৰ ২ নং চুপাৰিগুৰীৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে জহিৰ আলী মণ্ডল নামৰ এজন লোকজনক।

ভতিজাকৰ বাল্য বিবাহ খাবলৈ যোৱাৰ অপৰাধত গ্ৰেপ্তাৰ জহিৰ আলী মণ্ডল।

গেৰুকাবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে জহিৰ আলী মণ্ডলক।

Related Articles

Back to top button