
নিউজ ডেস্কঃ ‘যদি আপুনি ভাৰতত এখন জিলাৰ মুৰব্বী জিলা দণ্ডাধীশতকৈ অধিক শক্তিশালী কাকো দেখা নাই, তেন্তে এই ভিডিঅ’টো আপোনাৰ বাবে…।’ -সামাজিক মাধ্যমত এতিয়া ভাইৰেল হৈ পৰিছে এই কেপশ্যনেৰে এটা ভিডিঅ’।
এটা বান্দৰৰ হাতত লতিঘটি হোৱা এগৰাকী জিলা দণ্ডাধীশৰ এই ভিডিঅ’ই এতিয়া বেচ আমোদ দিছে নেট ব্যৱহাৰকাৰীক। সমান্তৰালভাৱে বান্দৰৰ উপদ্ৰৱক লৈও চিন্তা ব্যক্ত কৰিছে বিভিন্নজনে।
দৰাচলতে মথুৰাৰ বান্দৰৰ উপদ্ৰৱ সৰ্বজনবিদিত। তাতেই বান্দৰৰ উপদ্ৰৱৰ বলি হ’ল এগৰাকী জিলা দণ্ডাধীশ। মথুৰা পৰিদৰ্শনৰ সময়তে এটা বান্দৰে কাঢ়ি লৈ যায় জিলা দণ্ডাধীশ নৱনীত চহলৰ চশমা। যাৰ পিছত বান্দৰৰ পৰা চশমাজোৰ ঘূৰাই পাবলৈ লৰাঢপৰা লাগে আৰক্ষী-প্ৰশাসনৰ মাজত।
দৰাচলতে শ্ৰীকৃষ্ণৰ জন্মভূমি বৃন্দাবনত হঠাৎ এটা বান্দৰে জিলা দণ্ডাধীশ নৱনীত চহলৰ চশমাজোৰ কাঢ়ি লৈ যায়। তাৰ পিছতে বান্দৰটোৰ পিছে পিছে খেদি চশমা যোৰ ঘূৰাই পাবলৈ তৎপৰ হৈ পৰে আৰক্ষী-প্ৰশাসন। কিন্তু বিভিন্ন পন্থা অৱলম্বন কৰিও আৰক্ষীয়ে বান্দৰটোৰ পৰা চশমাযোৰ ঘূৰাই পাবলৈ বহু সময় ধৰি অপেক্ষা কৰিবলগীয়া হয়।
সামাজিক মাধ্যমত ভাইৰেল হোৱা ভিডিঅ’টোত দেখা গৈছে মথুৰা বৃন্দাবনৰ জিলা দণ্ডাধীশৰ লগতে কেইবাজনো চৰকাৰী বিষয়া আৰু আৰক্ষীক। সকলোৱে বান্দৰৰ পৰা চশমা ঘূৰাই পোৱাৰ উপায় বিচাৰিছে। যদিও সেই পথটো কি সেয়া কোনেও বুজি পোৱা নাছিল। তেওঁলোকৰ ওচৰত কেইবাটাও বান্দৰও দেখা গৈছে। জানিব পৰা মতে কিছু সময়ৰ পাছত ‘খলনায়ক’ বান্দৰটোৱে নিজ ইচ্ছামতে চশমাজোৰ ঘূৰাই দিয়ে।
If you had not seen someone more powerful than District Magistrate of a District in India😊
— Susanta Nanda IFS (@susantananda3) August 21, 2022
Monkey snatches glasses from DM Navneet Chahal in Vrindavan, Mathura.After some pleading,the monkeys returned the glasses. pic.twitter.com/YTERfjh62G
এই ভাইৰেল ভিডিঅ’টো টুইটাৰত শ্বেয়াৰ কৰিছে আইএফএছ সুশান্ত নন্দাই। তেওঁ ধেমালিতে কেপচনত লিখিছে- “যদি ভাৰতৰ কোনো জিলাত জিলা দণ্ডাধীশতকৈ শক্তিশালী কাৰোবাক দেখা নাই, তেন্তে চাওক।” লগতে মথুৰা বৃন্দাবনৰ জিলা দণ্ডাধীশৰ চশমা চুৰি হোৱা বুলিও তেওঁ জানিবলৈ দিয়ে।
ইফালে, জিলা দণ্ডাধীশৰ চশমা বান্দৰে চুৰি কৰা ভিডিঅ’টোৱে ছ’চিয়েল মিডিয়াত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। নেট ব্যৱহাৰকাৰীয়ে সকলে এই ভিডিঅ’টো প্ৰত্যক্ষ কৰি বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে।