fbpx
অসমীয়াঅসম

বাজেট ২০২৩-২৪! অৰুণোদয় আঁচনিৰ ধন ১৪০০ টকালৈ বৃদ্ধি, ১ লাখ নিবনুৱালৈ ২ লাখ টকাকৈ এককালীন সাহায্য…

নিউজ ডেস্কঃ আজি বিধানসভাত দাখিল কৰা হ’ল অসম চৰকাৰৰ ২০২৩-২৪ বিত্তীয় বৰ্ষৰ বাজেট।

বাজেট দাখিল কৰি অষ্টাদশ মুকুতাৰ উন্নয়নী মালাৰ অধীনত মুখ্যমন্ত্ৰীৰ স্ব–নিয়োজন অভিযানৰ কথা উল্লেখ বিত্তমন্ত্ৰী অজন্তা নেওগৰ।

যুৱক–যুৱতীক চৰকাৰী খণ্ডত কৰ্মসংস্থাপন দিয়াৰ সমান্তৰালভাৱে ব্যক্তিগত খণ্ডতো দৰিদ্ৰ সীমাৰেখাৰ তলৰ আৰু নিম্ন আয়ৰ পৰিয়ালৰ যুৱক–যুৱতীসকলৰ মাজত স্ব–নিয়োজনৰ সুবিধা সৃষ্টি কৰাৰ লক্ষ্য।

যাৰ বাবে ক্ষুদ্ৰ উদ্যোগীৰ উন্নয়নৰ বাবে এখন আঁচনি ৰূপায়ণৰ প্ৰস্তাৱ বাজেটত।

অহা তিনি বছৰত ক্ষুদ্ৰ উদ্যোগ স্থাপনৰ বাবে ১ লাখ যুৱক–যুৱতীক কিস্তি হিচাপত ২ লাখ টকাকৈ এককালীন পুঁজি আগবঢ়োৱাৰ প্ৰস্তাৱ বাজেটত।

ইয়াৰ উপৰি আন এক লাখ যুৱক–যুৱতীক এমএছএমই আৰু আন খণ্ডৰ লগত জড়িত প্ৰকল্পৰ বাবে ৰাজসাহায্য আগবঢ়োৱা হ’ব।

২ লাখ নিবনুৱাক নিয়োগ সৃষ্টিকাৰীলৈ ৰূপান্তৰ কৰাৰ বাবে বাজেটত ১০০০ কোটি টকাৰ আবণ্টন।

লগতে ২৫ হাজাৰ টকা পৰ্যন্ত ঋণ লোৱা মহিলাক সহায়ৰ আশ্বাস বাজেটত।

দৰিদ্ৰতা নিবাৰণৰ বাবে বাজেটত চাৰিটা পন্থা গ্ৰহণৰ কথা উল্লেখ বিত্তমন্ত্ৰীৰ।

সেই চাৰিটা হৈছে – অৰুণোদয়, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম যোজনা, খাদ্য সুৰক্ষাৰ নিশ্চিতি আৰু মুখ্যমন্ত্ৰীৰ আবাস যোজনাঃ সকলোৰে বাবে গৃহ।

অৰুণোদয় আঁচনিৰ অধীনত অতিৰিক্ত ১০ লাখতকৈ অধিক নতুন লোকক সংযোজনৰ লক্ষ্য বাজেটত।

অৰুণোদয় আঁচনিৰ ধনৰ পৰিমাণ ১৫০ টকা বৃদ্ধি কৰি ১৪০০ টকা কৰাৰ প্ৰস্তাৱ।

ইয়াৰ বাবে ধাৰ্য কৰা হৈছে ৩,৪২০ কোটি টকা।

মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম আঁচনিখনে সকলো পৰিয়ালকে সামৰি ল’ব বুলি উল্লেখ কৰে বিত্তমন্ত্ৰীয়ে।

প্ৰতিটো পৰিয়ালক দিয়া হ’ব নগদবিহীন কাৰ্ড। ইয়াৰ বাবে বাজেটত ১৩৫ কোটি টকা নিৰ্ধাৰণ।

ইফালে, ২০২৩–২৪ বৰ্ষত মুখ্যমন্ত্ৰীৰ আৱাস যোজনাৰ অধীনত ১ লাখ পৰিয়ালক সামৰি লোৱাৰ লক্ষ্য আৰু ইয়াৰ বাবে ৮০০ কোটি টকা আবণ্টন বাজেটত।

Related Articles

Back to top button

Adblock Detected

Please deactivate AdBlocker to support us!