বাজেট ২০২২-২৩ঃ উত্তৰ-পূবৰ বিকাশৰ বাবে ১৫শ কোটি টকাৰ পেকেজ ঘোষণা…

সংসদত বিত্তমনমন্ত্ৰী নিৰ্মলা সীতাৰমণে আৰম্ভ কৰিলে বাজেট ভাষণ।
বিত্ত মন্ত্ৰী সীতাৰমণে কয়, বাজেটে ভাৰতক পৰৱৰ্তী ২৫ বছৰৰ বাবে ভেটি প্ৰদান কৰিব। পৰৱৰ্তী বিত্তীয় বৰ্ষত অৰ্থনৈতিক বিকাশ ৯.২ শতাংশ হ’ব বুলি আশা কৰা হৈছে।
এয়াৰ ইণ্ডিয়াৰ বিনিয়োগ সম্পূৰ্ণ হৈছে আৰু এল আই চিৰ আই পি অ’ শীঘ্ৰেই আহিব।
বাজেটে কৃষক, যুৱসকলক লাভান্বিত কৰিব। ১৬ লাখ যুৱক-যুৱতীক স্বাৱলম্বী ভাৰতৰ পৰা চাকৰি প্ৰদান কৰা হ’ব।
অহা তিনি বছৰত ৪০০ খন নতুন বন্দে ভাৰত ৰেল নিৰ্মাণ কৰা হ’ব।
ইয়াৰ সৈতে, অহা তিনি বছৰত ১০০ পিএম স্পীড পাৱাৰ কাৰ্গো টাৰ্মিনেল নিৰ্মাণ কৰা হ’ব।
২০২২-২৩ চনৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথৰ দৈৰ্ঘ্য ২৫,০০০ কিলোমিটাৰলৈ বৃদ্ধি কৰা হ’ব।
ৰাজ্য চৰকাৰসমূহক তেওঁলোকৰ পাঠ্যক্ৰমত ফাৰ্মিং পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিবলৈ উৎসাহিত কৰা হ’ব।
গংগা কৰিডৰৰ চাৰিওফালে প্ৰাকৃতিক কৃষিৰ প্ৰচাৰ কৰা হ’ব।
একে সময়তে, ক্ষুদ্ৰ উদ্যোগবোৰক ঋণ গেৰাণ্টি আঁচনিৰ দ্বাৰা সহায় কৰা হ’ব।
২০২২ চনৰ বাজেটত উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ পৰিকল্পনা আৰম্ভ কৰা হ’ব বুলি ঘোষণা কৰা হৈছে।
এই পৰিকল্পনাৰ জৰিয়তে তাত থকা লোকসকলৰ জীৱনৰ মানদণ্ড উন্নত কৰিব। অঞ্চলটোৰ সকলো আঁচনিতে লাভ কৰিব ৰাজ সহাৰ্য্য।
উত্তৰ পূবৰ বিকাশৰ বাবে ১৫ শ কোটি টকাৰ পেকেজ ঘোষণা।
২০২২-২৩ চনত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত ৮০ লাখ ঘৰ নিৰ্মাণ কৰা হ’ব। ইয়াৰ বাবে ৪৮,০০০ কোটি টকাৰ পুঁজি ধাৰ্য কৰা হৈছে।
ডিজিটেল বিশ্ববিদ্যালয় স্থাপন কৰা হ’ব। একে সময়তে, মানসিক সমস্যাৰ বাবে ৰাষ্ট্ৰীয় টেলিমেণ্টেল স্বাস্থ্য কাৰ্যসূচীও আৰম্ভ কৰা হ’ব।