অসমঅসমীয়া

বাজেট অধিৱেশনৰ প্ৰথম দিনাই বহিস্কাৰ বিধায়ক অখিল গগৈক

নিউজ ডেস্ক। আজিৰে পৰা আৰম্ভ হৈছে ৰাজ্য চৰকাৰৰ বাজেট অধিৱেশন। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ দ্বিতীয়খন বাজেট অধিৱেশনৰ প্ৰথম দিনটোতেই বিধানসভাৰ পৰা বহিস্কাৰ কৰা হ’ল শিৱসাগৰ সমষ্টিৰ বিধায়্ক অখিল গগৈক।

বাজেট অধিৱেশনৰ প্ৰথম দিনৰ ৰাজ্যপালৰ বাজেট ভাষণৰ সময়ত সদনত হুলস্থূল কৰাৰ অভিযোগত বহিস্কাৰ কৰা হয় অখিল গগৈক।

G2 20

ইফালে সদনৰ পৰা বহিস্কাৰৰ পিছতে বিধানসভাৰ বাহিৰত সংবাদ মাধ্যমৰ সন্মুখত ৰাজ্যপালৰ ভাষণত অসমৰ মূল সমস্যা উপেক্ষা কৰাৰ অভিযোগ উত্থাপন কৰে অখিল গগৈয়ে।

ভুল তথ্যৰে ৰাজ্যপালে বাজেট ভাষণ প্ৰদান কৰাৰ অভিযোগ তুলি বিধায়কগৰাকীয়ে কয় যে ৰাজ্যপালৰ ভাষণ চৰকাৰৰ নিয়মীয়া কাম-কাজৰ প্ৰশংসাৰ বাহিৰে আন একো নহয়।

অখিল গগৈয়ে কয়, ‘‘ভাষণত কোৱা হৈছে, অসমৰ কৃষকসকলৰ পৰা ধান ক্ৰয় কৰা হৈছে, চৰকাৰে ধান ক্ৰয়ৰ ব্যৱস্থা কৰিছে। ১০ লাখ মেট্ৰিক টন ধান অসমৰ কৃষকৰ পৰা ন্যূনতম সমৰ্থন মূল্যত ক্ৰয় কৰা হ’ব। ইয়াত লিখা আছে যে ৮৬ হাজাৰ মেট্ৰিক টন ধানহে এতিয়ালৈ ক্ৰয় কৰা হৈছে। অৰ্থাৎ ১০ ভাগৰ এক অংশও সাফল্য লাভ কৰা নাই। চৰকাৰ বিফল হৈছে। অথচ ইয়াত কোৱা হৈছে চৰকাৰ সাংঘাতিকভাৱে সফল হৈছে। ৰাজ্যপালে মিছা কথা কৈ থাকিব আৰু জনপ্ৰতিনিধি হিচাপে আমি মনে মনে বহি থাকিম, সেয়া হ’ব নোৱাৰে।’’

গগৈয়ে পুনৰ কয়, ‘‘এই চৰকাৰে ১ লাখ নিযুক্তি দিম বুলি কৈছিল। ১০ মে’ ২০২২ৰ ভিতৰত নিযুক্তি দিম বুলি কৈছিল। ইয়াত কোৱা হৈছে যে ২৭ হাজাৰ আৰু ৩৭ হাজাৰ নিবনুৱা নিযুক্তিৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ক’ৰবাত ব্যৱস্থা গ্ৰহণ কৰিছেনে? ৰাজ্যপালৰ ভাষণত ১ লাখ নিবনুৱাৰ নিযুক্তি সম্পৰ্কে মিছা কথাৰ অৱতাৰণা কৰা হৈছে। কি কৰিলে, ক’ত কৰিলে আমি কোনেও নাজানে। এনে মিছা কথা জন প্ৰতিনিধিয়ে শুনি থকা উচিত নহয়। প্ৰতিবাদ কৰাৰ কাৰণে মোক সদনৰ পৰা বহিষ্কাৰ কৰিছে।’’

চৰকাৰৰ বিৰুদ্ধে এই সংগ্ৰাম অব্যাহত ৰখাৰ হুংকাৰ দি বিধায়ক অখিল গগৈয়ে কয় যে তেওঁ ৰাইজৰ পক্ষত সদায় অৱস্থান গ্ৰহণ কৰি থাকিব। লাগিলে বিধানসভাৰ সদস্যপদ ত্যাগ কৰিবলৈ প্ৰস্তুত, কিন্তু ৰাইজৰ কথা ভুলকৈ আৰু মিছাকৈ ক’বলৈ দিয়া নহয় বুলিও মন্তব্য কৰে অখিল গগৈয়ে।

লগতে চাওকঃ

৩ বছৰীয়া প্ৰেম, ৪ বছৰীয়া বৈবাহিক জীৱনৰ কৰুণ পৰিসমাপ্তি! আৰক্ষী স্বামীৰ বন্দুকৰ গুলীত মৃত্যু গৰ্ভৱতী পত্নীৰ

G2 21

Related Articles

Leave a Reply

Back to top button