
নিউজ ডেস্কঃ দক্ষিণ কামৰূপৰ কুকুৰমাৰাত বাছ দুৰ্ঘটনা।
বালি কঢ়িওৱা ট্ৰাকৰ সৈতে সংঘৰ্ষ এখন যাত্ৰীবাহী বাছৰ।
দুৰ্ঘটনাত আহত কেইবাগৰাকীও যাত্ৰী।
শুকুৰবাৰে পুৱা সংঘটিত হয় এই দুৰ্ঘটনা।
জানিব পৰা মতে, ধুবুৰীৰ পৰা গুৱাহাটী অভিমুখে আহি থকা বাছখনে কুকুৰমাৰাত খুন্দা মাৰে বিপৰীত দিশৰ পৰা অহা ট্ৰাকখনত।
দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বাছ চালকজনে।
ইফালে দুৰ্ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ আহত সকলক ৰামপুৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে।